Breaking

শ্বেখ হাছিনা এতিয়াও বাংলাদেশৰ প্ৰধানমন্ত্ৰী, দেশ এৰি যোৱাৰ পূৰ্বে পদত্যাগ কৰা নাছিল! দাবী পুত্ৰৰ…

0 38

শ্বেখ হাছিনাৰ পুত্ৰ ছাজিব ৱাজেদে কয় যে শ্বেখ হাছিনা এতিয়াও বাংলাদেশৰ প্ৰধানমন্ত্ৰী, দেশ এৰি যোৱাৰ পূৰ্বে পদত্যাগ কৰা নাছিল। তেওঁৰ পুত্ৰ তথা উপদেষ্টা সজীব ৱাজেদে কয়, ‘মোৰ মায়ে কেতিয়াও আনুষ্ঠানিকভাৱে পদত্যাগ কৰা নাছিল, সময়ো নাপালে।

ৱাজেদে কয় যে পদত্যাগ পত্ৰ দাখিল কৰাৰ পৰিকল্পনা কৰিছিল। কিন্তু তাৰ পাছতেই প্ৰতিবাদকাৰীসকলে প্ৰধানমন্ত্ৰীৰ বাসগৃহৰ দিশে সমদল কৰিবলৈ আৰম্ভ কৰে। আৰু সময়ো নাছিল। মাৰ হাতত কোনো ধৰণৰ লাগেজো নাছিল। সংবিধানৰ কথা ক’বলৈ গ’লে এতিয়াও তেওঁ বাংলাদেশৰ প্ৰধানমন্ত্ৰী। ৱাজেদে কয় যে যদিও ৰাষ্ট্ৰপতিয়ে সামৰিক প্ৰধান আৰু বিৰোধী ৰাজনীতিবিদৰ সৈতে আলোচনা কৰি সংসদ ভংগ কৰিছিল, তথাপিও প্ৰধানমন্ত্ৰীয়ে আনুষ্ঠানিকভাৱে পদত্যাগ নকৰাকৈয়ে কেয়াৰটেকাৰ চৰকাৰ গঠন কৰাটো ‘আদালতত প্ৰত্যাহ্বান জনাব পাৰি’।

ৱাজেদে লগতে কয় যে হাছিনাৰ আৱামি লীগ দলে পৰৱৰ্তী নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব। তেওঁ কয়, ‘মোৰ বিশ্বাস যে আৱামী লীগ ক্ষমতালৈ আহিব। নহ’লে আমি বিৰোধী হ’ম। যিকোনো এটা উপায়েই ঠিকেই আছে। তেওঁৰ মতে তিনিমাহৰ ভিতৰত নিৰ্বাচন অনুষ্ঠিত কৰিব লাগে।

Leave A Reply

Your email address will not be published.