Breaking

ঢেকীয়াজুলি আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত ঢেকীয়াজুলি নগৰৰ ত্ৰিমূৰ্তি ভৱনত আয়োজন

0 20

ঢেকীয়াজুলি আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত ঢেকীয়াজুলি নগৰৰ ত্ৰিমূৰ্তি ভৱনত আয়োজন কৰা ছাত্ৰ-ছাত্ৰীৰ বিশেষ অভিনন্দন অনুষ্ঠান শনিবাৰে সন্ধিয়া সফল সামৰণি পৰে৷উল্লেখ্য যে হাইস্কুল শিক্ষান্ত আৰু উচ্চতমৰ মাধ্যমিকৰ চুৰান্ত পৰীক্ষাত কলা,বানিজ্য আৰু বিজ্ঞান শাখাত ৭৫ শতাংশ বা ততোধিক নম্বৰ লাভকৰা ছাত্ৰ-ছাত্ৰী সকলক সম্বৰ্ধনা জনাবলৈ ঢেকীয়াজুলি আঞ্চলিক ছাত্ৰ সন্থাই বিশেষ অভিনন্দন অনুষ্ঠান আয়োজন কৰে

৷ছাত্ৰ-ছাত্ৰী বিশেষ অভিনন্দন অনুষ্ঠানৰ শুভ উদ্বোধন কৰে সদৌ শোণিতপুৰ জিলা ছাত্ৰ সন্থাৰ সভাপতি অভিজিৎ নাথে৷লগতে অভিভাষণ আগবঢ়াই সদৌ শোণিতপুৰ জিলা ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদক শংকৰ দাসে,ঢেকীয়াজুলি আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি ভাগ্যজ্যোতি নাথে সভাপতিত্ব কৰা আৰু ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক বিকাশ কলিতাই উদ্দেশ্য ব্যাখ্যা কৰা বিশেষ অভিনন্দন অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে

অসম চৰকাৰৰ অৱসৰী উচ্চ পদস্থ প্ৰশাসনিক বিষয়া চন্দ্ৰকমল ভূঞা,মুখ্য বক্তাৰ আশন অলংকৃত কৰে শোণিতপুৰ জিলাৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক মৌচুমী কলিতাই,আমন্ত্ৰিত অতিথি হিচাপে সঞ্জীৱ নাথৰ লগতে বহুতো বিশিষ্ট লোক উপস্থিত থাকে৷আজিৰ বিশেষ অভিনন্দন অনুষ্ঠানত প্ৰায় ৪০০ গৰাকী ছাত্ৰ-ছাত্ৰীৰ লগতে অভিবাবক সকলক সম্বৰ্ধনা জনায়৷

Leave A Reply

Your email address will not be published.