Breaking

মন্ত্ৰী পীয়ূষ হাজৰিকাৰ মহানুভৱতা, গড়চুকত আহত বাইক আৰোহী যুৱকক নিজৰ বাহনত উঠাই লৈ গল জি এম চি এইচলৈ…

0 15

গুৱাহাটীৰ জালুকবাৰীৰ পৰা খানাপাৰা অভিমুখী ৰাষ্ট্ৰীয় ঘাইপথৰ গড়চুকৰ সমীপত দেওবাৰে নিশা প্ৰায় ৮.৫০ মান বজাত সংঘটিত এক পথ দুৰ্ঘটনাত দুজন বাইক আৰোহী কম-বেছি পৰিমাণে আহত হয়। সেই সময়তে জালুকবাৰীৰ পৰা দিছপুৰ অভিমুখে আহি আছিল অসম চৰকাৰৰ জলসম্পদ বিভাগৰ মন্ত্ৰী পীয়ুষ হাজৰিকাৰ কনভয়। মন্ত্ৰী হাজৰিকাই নিজৰ কনভয় ৰখাই বাহনৰ পৰা নামি গৈ আহত বাইক আৰোহী যুৱকদ্বয়ক নিজৰ বাহনত উঠাই চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ লৈ যায়।

পাছত দুৰ্ঘটনাথলীত গড়চুক থানাৰ আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। উল্লেখ্য যে যুৱক দুজনে এ এছ ০১ এফ জেদ ৭৩৯৮ নম্বৰৰ মটৰ চাইকেলত বৰাগাওঁ দিশৰ পৰা লখৰা অভিমুখে গৈ থকা অৱস্থাত আগে আগে গৈ থকা এখন ট্ৰাকত পাছফালৰ পৰা খুন্দা মাৰে আৰু পথত পৰি যায়। ফলত দুয়োজন কম-বেছি পৰিমাণে আহত হবলগীয়া হৈছিল। দুৰ্ঘটনাৰ পাছত পথত যানজঁটৰ সৃষ্টি হোৱাত গড়চুক থানাৰ যানবাহন শাখাৰ আৰক্ষীৰ লোক আহি পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়।

Leave A Reply

Your email address will not be published.