Breaking

ইডিৰ পিছত এইবাৰ চিবিআইৰ গোচৰত জামিন বিচাৰি উচ্চতম ন্যায়ালয়ৰ কাষ চাপিল কেজৰিৱাল…

0 19

দিল্লীৰ আবকাৰী গোচৰত জেলৰ পৰা মুক্তি বিচাৰি উচ্চতম ন্যায়ালয়ত আবেদন জনাইছে আম আদমী পাৰ্টিৰ মুৰব্বী অৰবিন্দ কেজৰিৱালে। চিবিআইৰ গোচৰৰ প্ৰতি লক্ষ্য ৰাখি এই আবেদন। প্ৰসংগক্ৰমে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক ২১ মাৰ্চত দিল্লী আবকাৰী গোচৰত ইডিয়ে গ্ৰেপ্তাৰ কৰিছিল। তেতিয়াৰ পৰাই তেওঁ জেলত আছে। লোকসভা নিৰ্বাচনৰ সময়ত উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত কিছুদিনৰ বাবে অন্তৱৰ্তীকালীন জামিনত ওলাই আহিছিল। ২ জুনত পুনৰ আত্মসমৰ্পণ কৰে কেজৰীৱালে। আনহাতে, তেওঁ নিম্ন আদালতৰ পৰাও কেইবাবাৰো জামিন বিচাৰি উচ্চতম ন্যায়ালয়লৈ আবেদন জনাইছিল। কিছুদিন পূৰ্বে উচ্চতম ন্যায়ালয়ে ইডি গোচৰত কেজৰিৱালক জামিন মঞ্জুৰ কৰিছিল। অৱশ্যে কাৰাগাৰত থকাৰ সময়তে তেওঁক এই গোচৰত গ্ৰেপ্তাৰ কৰে আন এটা কেন্দ্ৰীয় তদন্তকাৰী সংস্থা চিবিআইয়ে। চিবিআইৰ গোচৰত জামিন বিচাৰি দিল্লী উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল কেজৰীৱাল।

অৱশ্যে কেজৰিৱালৰ এই আৱেদনৰ কোনো উত্তৰ নিদিলে দিল্লী উচ্চ ন্যায়ালয়ে। চিবিআইক গ্ৰেপ্তাৰ আৰু জিম্মাত ৰখাক প্ৰত্যাহ্বান জনাই কেজৰিৱালৰ গোচৰ খাৰিজ কৰে আদালতে। দিল্লীৰ মুখ্যমন্ত্ৰীয়ে নিম্ন আদালতলৈ যোৱাৰ পৰিৱৰ্তে উচ্চতম ন্যায়ালয়ত জামিনৰ গোচৰ ৰুজু কৰিলে। উল্লেখযোগ্য যে ইডি গোচৰত ১২ জুলাইত উচ্চতম ন্যায়ালয়ে কেজৰীক জামিন প্ৰদান কৰিছিল। কিন্তু চিবিআইৰ সুকীয়া গোচৰৰ বাবে জেলৰ পৰা মুকলি নহ’ল দিল্লীৰ মুখ্যমন্ত্রী৷ এইবাৰ জেলৰ পৰা মুক্তিৰ বাবে আবেদন কৰিলে কেজৰিৱালে।

Leave A Reply

Your email address will not be published.