Breaking

শ্ৰমিক নেতা প্ৰিয় গুপ্তৰ মৃত্যু বাৰ্ষিকী উপলক্ষে মালিগাঁৱত এন এফ ৰেলৱে মজদুৰ ইউনিয়নৰ ৰোগীসকলৰ মাজত ফল-মূল বিতৰণ…

0 14

সৰ্বভাৰতীয় শ্ৰমিক সংগঠন অল ইণ্ডিয়া ৰেলৱে মেনচ ফেডাৰেচন আৰ এন. এফ. ৰেলৱে মজদুৰ ইউনিয়নৰ প্ৰাক্তন সাধাৰণ সম্পাদক, প্ৰাক্তন সাংসদ তথা শ্ৰমিক বন্ধু খ্যাত কমৰেড প্ৰিয় গুপ্তৰ ৪৫ সংখ্যক মৃত্যু বাৰ্ষিকী এন এফ ৰেলৱে মজদুৰ ইউনিয়নৰ মালিগাওঁ শাখা, নিৰ্মান শাখা আৰু মালিগাঁও মহিলা শাখাৰ উদ্যোগত সফলতাৰে পালন কৰা হয়। আজীৱন মেহনতি শ্ৰমিকৰ সৰ্বাংগীন উন্নতিৰ হকে কাম কৰি যোৱা প্ৰয়াত শ্ৰমিক নেতা গৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি নিবেদন‌ কৰিবলৈ শাখা কেইটাই কেইবাটাও শ্ৰমিকৰ কল্যান জৰিত কাৰ্যসূচী হাতত লয়। এই অনুসৰি ৰাতিপুৱা এন এফ ৰেলৱেৰ মালিগাওস্থিত কেন্দ্ৰীয় চিকিৎসালয়ত চিকিৎসাধীন‌ তিনি শতাধিক শ্ৰমিক -কৰ্মচাৰী আৰু কৰ্তবৰত কৰ্মচাৰীসকলৰ মাজত ফল-মূল বিতৰণ কৰে।

এন এফ ৰেলৱে চেন্ট্ৰেল হস্পিতালৰ চিকিৎসা সঞ্চালক ডা. বি পি ডেকাই ৰোগীসকলৰ মাজত ফল-মূল বিতৰণৰ কাৰ্যসূচীৰ শুভাৰম্ভনি কৰে। এই কাৰ্যসূচীত এন এফ ৰেলৱে মজদুৰ ইউনিয়নৰ কেইবা গৰাকী কেন্দ্ৰীয় নেতা উপস্থিত থাকে। অনুষ্ঠানটোত কেন্দ্ৰীয় যুটীয়া সাধাৰণ সম্পাদক তথা মেডিকেল বিভাগৰ আহ্বায়ক(Medical Convenor ) উত্তম কুমাৰ ভট্টাচাৰ্য উপস্থিত থাকি মানৱ সেৱাই পৰম ধৰ্ম বুলি কয় আৰু শাখা কেইটাই লোৱা এই মানব দৰদী প্ৰচেষ্টাৰ ভূয়সী প্ৰসংশা কৰে। ইয়াৰ উপৰিও তিনিওটা শাখাৰ‌ নেতৃত্ব,কেইবাগৰাকীও বিষয়ববীয়া আৰু সদস্য উপস্থিত থাকি ফল-মূল বিতৰণৰ কাৰ্যসূচী তদাৰক কৰে।

উল্লেখযোগ্য যে-সন্ধিয়া মালিগাঁও শাখা কাৰ্যালয়ত প্ৰয়াত শ্ৰমিক নেতা গৰাকীৰ কৰ্মৰাজি আৰু শ্ৰমিক আন্দোলনৰ প্ৰতি তেওঁ আগবঢ়াই যোৱা অবদানক সুৱৰি এক স্মৃতিচাৰণ সভা অনুস্থিত হব বুলি মালিগাও শাখাৰ শাখা সম্পাদক তথা অনুষ্ঠানটোৰ আহ্বায়ক পংকজ কলিতাই জানিবলৈ দিয়ে। এই স্মৃতিচাৰণ সভাতেই শ্ৰমিক দৰদী নেতাজনৰ প্ৰতি প্ৰকৃত শ্ৰদ্ধাঞ্জলি জনোৱাৰ মানসেৰে আৰু ৰেলৱে কৰ্মচাৰীসকলৰ বিভিন্ন সমস্যাৰ প্ৰতি লক্ষ্য ৰাখি এটি অভিযোগ কোষ(Grievance Cell) মুকলি কৰা হয়।এই অনুসৰি হোৱাটচ নম্বৰ ৯৩৬০৪৬৭৬৭৫ যোগে ৰেলৱে কৰ্মচাৰী সমুহে দৈনন্দিন জীৱনত সন্মুখীন‌ হোৱা বিভিন্ন সমস্যা সৰ্ম্পকে অভিযোগ পঠিয়াব পাৰিব। পৰৱৰ্তী সময়ত এন এফ ৰেলৱে মজদুৰ ইউনিয়নে পৰ্যায়ক্ৰমে এই অভিযোগ সমূহ ৰেলৱে প্ৰশাসনৰ দৃষ্টিগোচৰ কৰি সমস্যা সমুহ সমাধানৰ‌ বাবে উপযুক্ত পদক্ষেপ হাতত লব বুলি শাখা সম্পাদক পংকজ কলিতাই জনায়।

Leave A Reply

Your email address will not be published.