Breaking

মাৰ্ঘেৰিটাৰ বিশিষ্ট শিক্ষাবিদ কৃষ্ণ প্ৰসাদ সিংহৰ দেহাৱসান, প্ৰয়াত কৃষ্ণ প্ৰসাদ সিংহক ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জ্ঞাপন…

0 36

মাৰ্ঘেৰিটা পাব্লিক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ,দক্ষ প্ৰশাসক, শিক্ষাবিদ কৃষ্ণ প্ৰসাদ সিংহই আজি পুৱা ইহলীলা সম্বৰণ কৰে। তেখেতৰ মৃত্যু খৱৰ লাভ কৰা পিছতেই মাৰ্ঘেৰিটাৰ অঞ্চলৰ গুণমুগ্ধই তেখেতৰ বাসগৃহত ভীৰ কৰে।

তেখেতৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰি মাৰ্ঘেৰিটা পাব্লিক উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এক ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে তেখেতৰ নশ্বৰ দেহ লৈ এক শোভাযাত্ৰা উলিওৱা হয়। উক্ত অনুষ্ঠানত উপস্থিত থাকি মাৰ্ঘেৰিটাৰ অঞ্চলৰ বিভিন্ন দল সংগঠন, প্ৰাক্তন ছাত্ৰ, উপৰিও ব্যক্তি বিশেষে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। ইয়াৰ পিছতে তেখেতৰ নশ্বৰদেহ উত্তৰ মাৰ্ঘেৰিটা ৰাজহুৱা শ্মশানত দাহ কৰা হয়। তেখেতৰ মৃত্যুত বৃহত্তৰ মাৰ্ঘেৰিটা অঞ্চলত শোকৰ ছাঁ পৰা পৰিলক্ষিত হৈছে।

Leave A Reply

Your email address will not be published.