Breaking

স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত ঢেকীয়াজুলি আৰক্ষীৰ বৃহৎ সফলতা

0 22

স্বাধীনতা দিৱসংস্বাধীনতা দিৱসৰ প্ৰাকক্ষণত ঢেকীয়াজুলি আৰক্ষীৰ বৃহৎ সফলতা ৷

যোৱাকালি নিশা শোণিতপুৰ জিলাৰ অন্তৰ্গত ঢেকিয়াজুলি আৰক্ষীথানা এলেকাৰ বাতাচীপুৰৰ পৰা বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ কৰিবলৈ সক্ষম হ’ল ঢেকীয়াজুলি আৰক্ষী৷উল্লেখ্য যে শোণিতপুৰ জিলা আৰক্ষী অধীক্ষক বৰুণ পুৰকায়স্থৰ নিৰ্দেশত ঢেকীয়াজুলি আৰক্ষীথানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ধনজিৎ হালৈৰ নেতৃত্বত আৰক্ষীৰ দলে বাতাচীপুৰৰ পৰা নিশা বৃহৎ পৰিমাণ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ কৰে

প্ৰাপ্ত তথ্য অনুসৰি বাতাচিপুৰৰ বিলাশিগুৰি নামৰ অঞ্চলটোৰ একালৰ দুৰ্ধৰ্ষ এন ডি এফ বি সদস্য লাইজৌ ওৰফে লালৰ বাসগৃহৰ তামোলবাৰীৰ পৰা যোৱাকালি মাজনিশা ১ বজাত মাটি খান্দি ১০ টা গ্ৰেণেড, ১টা ৭.৫ ৰিভলভাৰ আৰু ১টা  পিষ্টল উদ্ধাৰ কৰে ঢেকীয়াজুলি আৰক্ষীয়ে৷এই ক্ষেত্ৰত আজি ঢেকীয়াজুলি আৰক্ষীথানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ধনজিৎ হালৈৰ মন্তব্য৷

Leave A Reply

Your email address will not be published.