Breaking

মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মা দেৱে এক বৈঠকত অধ্যক্ষতা

0 23

গুৱাহাটী পানী যোগান প্ৰকল্পৰ বিষয় সন্দৰ্ভত লোক সেৱা ভৱনত আজি সমূহ সংশ্লিষ্ট বিষয়াৰ সৈতে মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মা দেৱে এক বৈঠকত অধ্যক্ষতা কৰে।

উক্ত বৈঠকত দক্ষিণ গুৱাহাটী পানী যোগান প্ৰকল্প, দক্ষিণ-মধ্য আৰু উত্তৰ গুৱাহাটী পানী যোগান প্ৰকল্প, জাইকা সমৰ্থনপ্ৰাপ্ত জি ডব্লিউ এছ পিৰ সম্পৃক্ত বিষয়সমূহ প্ৰেজেণ্টেশ্যনৰ জৰিয়তে আলোচনা কৰা হয়৷

লগতে পানী যোগান প্ৰকল্পৰ সৈতে জড়িত স্থায়ী পথ পুনৰুদ্ধাৰ কাৰ্যকলাপ স্থাপন আৰু পৰীক্ষণ, ভাল্ভ চেম্বাৰ নিৰ্মাণ আদিৰ বিষয়েও বিস্তৃতভাৱে আলোচনা কৰা হয়৷

মাননীয় মুখ্যমন্ত্ৰী দেৱে সংশ্লিষ্ট বিভাগসমূহক অগ্ৰাধিকাৰৰ ভিত্তিত সমস্যাসমূহ সমাধান কৰাৰ বাবে সমন্বিতভাৱে কাম কৰিবলৈ নিৰ্দেশনা প্ৰদান কৰে।

Leave A Reply

Your email address will not be published.