Breaking

“দেশ বিভাজনৰ কৰুণ অধ্যায়ৰ আঁৰত আছিল কংগ্ৰেছ, কমিউনিষ্ট আৰু মুছলিম লীগৰ ক্ষমতালোভী আৰু বিভাজনমুখী ভুল নীতি”: কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল

0 40

ডিব্ৰুগড়, ১৪ আগষ্ট ২০২৪: “১৯৪৭ চনত হোৱা ভাৰতৰ বিভাজন ~ হাজাৰ হাজাৰ লোকৰ প্ৰাণহানি, লাখ লাখ লোকৰ স্থানান্তৰ, হত্যা-হিংসা আৰু অজস্ৰ সা-সম্পত্তি, ঘৰ-বাৰী ধ্বংস হোৱাৰ এক কৰুণ অধ্যায়। বিশ্ব ইতিহাসৰে এয়া এক মৰ্মান্তিক ঘটনা। কংগ্ৰেছ, কমিউনিষ্ট আৰু মুছলিম লীগৰ ভুল নীতি তথা ক্ষমতালোভী চৰিত্ৰৰ বাবেই দেশৰ লাখ লাখ লোকে নাৰকীয় যাতনা ভুগিবলগীয়া হৈছিল। সেই বিভীষিকা, সীমাহীন যন্ত্ৰণা কোনোকালেই দেশবাসীয়ে পাহৰি যাব নোৱাৰে।”- ভাৰতীয় জনতা পাৰ্টিৰ ডিব্ৰুগড় জিলা মহিলা মৰ্চাৰ উদ্যোগত আজি ডিব্ৰুগড়ত আয়োজিত ‘বিভাজন বিভীষিকা স্মৃতি দিৱস’ৰ অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে অংশগ্ৰহণ কৰি এই কথা ব্যক্ত কৰে আৰু দেশ বিভাজনৰ হিংসাত্মক ঘটনাত যিসকলে প্ৰাণ হেৰুৱাইছিল, তেওঁলোকলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। তেওঁলোকৰ সংগ্ৰাম আৰু কৰুণ ত্যাগ দেশবাসীয়ে সদায়েই সুঁৱৰি যাব বুলি সোণোৱালে উল্লেখ কৰে।

সোণোৱালে ভাষণ প্ৰসংগত কয়, “১৯৪৭ চনৰ আজিৰ দিনটোতে অখণ্ড ভাৰত খণ্ডিত হৈ ভাৰত আৰু পাকিস্তানৰ জন্ম হৈছিল। দেশ বিভাজনৰ কৰুণ অধ্যায়ৰ আঁৰত আছিল কংগ্ৰেছ, কমিউনিষ্ট আৰু মুছলিম লীগৰ ক্ষমতালোভী আৰু বিভাজনমুখী ভুল নীতি। এই দলবোৰে কেৱল ৰাজনৈতিক নেতাৰ স্বাৰ্থ সিদ্ধিৰ বাবে ভাৰতক অগ্নিকুণ্ডত পৰিণত কৰিছিল। লাখ লাখ লোক গৃহহীন হোৱা, হিংসাত্মক ঘটনাত মৃত্যুবৰণ কৰাৰ এই মৰ্মান্তিক ঘটনাৰ বাবে কংগ্ৰেছ, কমিউনিষ্ট আৰু মুছলিম লীগ সম্পূৰ্ণৰূপে দায়ী। দেশবাসীয়ে এই দলবোৰে কৰা মাৰাত্মক অভিসন্ধি কেতিয়াও পাহৰি নাযায়। আমি সমস্বৰে আজি পুনৰ তেওঁলোকক গৰিহণা দিছোঁ আৰু লাখ লাখ লোকৰ হত্যাৰ বাবে দায়ী এই দলবোৰৰ তীব্ৰ নিন্দা কৰিছোঁ। নতুন প্ৰজন্মই দেশ বিভাজনৰ কৰুণ অধ্যায় পঢ়ি ৰাজনৈতিকভাৱে সচেতন হ’ব লাগিব আৰু ৰাষ্ট্ৰ নিৰ্মাণৰ যাত্ৰাক ন উদ্যমেৰে শক্তিশালী কৰাৰ বাবে আগুৱাই আহিব লাগিব।”

সোণোৱালে কয়, “মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত আমাৰ দেশখন এতিয়া সকলো দিশতে ক্ষিপ্ৰতাৰে আগবাঢ়িছে। এখন শক্তিশালী আৰু সমৃদ্ধিশালী ভাৰত গঢ়াৰ বাবে মোদী ডাঙৰীয়াই অহোপুৰুষাৰ্থ কৰিছে। ২০৩০ চনৰ ভিতৰত ভাৰতক বিশ্বৰ তিনি বৃহৎ অৰ্থনীতিৰ ভিতৰত অন্তৰ্ভুক্ত কৰাৰ যাত্ৰাত প্ৰতিগৰাকী নাগৰিকে সক্ৰিয় ভূমিকা পালন কৰিব লাগিব। দেশৰ ৭৮তম স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত আমি সকলোৱে ঐক্যবদ্ধভাৱে সংকল্প ল’ব লাগিব যে- শান্তি-সমন্বয় আৰু প্ৰগতিৰ যোগেদি ভাৰতক এক নতুন শিখৰত উপনীত কৰিম।”

Leave A Reply

Your email address will not be published.