Breaking

নাৰীৰ ওপৰত অত্যাচাৰ কৰা সকলক কঠোৰ শাস্তি দিয়া উচিতঃ প্ৰধানমন্ত্ৰী মোদী…

0 18

দেশবাসীলৈ ৭৮ সংখ্যক স্বাধীনতা দিৱসৰ শুভেচ্ছা। স্বাধীনতা দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লালকিল্লাৰ প্ৰাচীৰৰ পৰা একেৰাহে ১১ সংখ্যক বাৰৰ বাবে দেশবাসীক সম্বোধন কৰে। ভাৰতে আজি গৌৰৱেৰে উদযাপন কৰিছে ৭৮তম স্বাধীনতা দিৱস। ১৯৪৭ চনৰ ১৫ আগষ্টত দেশখন স্বাধীন হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লালকিল্লাৰ প্ৰাচীৰৰ পৰা কয় যে ‘২০৪৭ চনৰ ভিতৰত আমি উন্নত ভাৰতৰ লক্ষ্যত উপনীত হ’ম।’

লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে আমি গুৰুত্বসহকাৰে চিন্তা কৰিব লাগিব। আমাৰ মাতৃ, ভগ্নী, কন্যাৰ ওপৰত চলি থকা অত্যাচাৰক লৈ সাধাৰণ ৰাইজৰ মাজত ক্ষোভৰ সৃষ্টি হৈছে। দেশ, সমাজ, আমাৰ ৰাজ্য চৰকাৰে এই কথাটো গুৰুত্বসহকাৰে ল’ব লাগিব৷ মহিলাৰ বিৰুদ্ধে হোৱা অপৰাধৰ তদন্ত অতি সোনকালে কৰিব লাগে। দানৱীয় কাণ্ড সংঘটিত কৰা সকলক অতি সোনকালে কঠোৰ শাস্তি দিয়া উচিত, সমাজত আস্থা সৃষ্টিৰ বাবে এইটো প্ৰয়োজনীয়।

Leave A Reply

Your email address will not be published.