Breaking

লোহাৰৰ কেৰাহীত ৰান্ধিব নালাগে এই চাৰিটা বস্তু! স্বাস্থ্যৰ ওপৰত পৰিব পাৰে বেয়া প্ৰভাৱ…

0 30

ভাৰতীয় পাকঘৰত লোহাৰ কেৰাহীৰ ব্যৱহাৰ অতি বেছি। এই কেৰাহীত ৰান্ধিলে কেৱল খাদ্য সোৱাদযুক্ত হোৱাই নহয় ইয়াত ৰন্ধা খাদ্য স্বাস্থ্যৰ বাবেও অতি উপকাৰী। লোহাৰৰ কেৰাহীত ৰন্ধা খাদ্যই ৰক্তহীনতা দূৰ কৰাত সহায় কৰে আৰু শৰীৰত আইৰণ যোগান ধৰে। কিন্তু, আপুনি জানেনে যে কিছুমান খাদ্য আছে যিবোৰ লোহাৰ কেৰাহীত ৰান্ধিলে স্বাস্থ্যৰ ওপৰত বিৰূপ প্ৰভাৱ পৰিব পাৰে! লোহাৰৰ কেৰাহীত ৰান্ধিলে কোনবোৰ খাদ্য পৰিহাৰ কৰিব লাগে জানো আহক-

লোহাৰ কেৰাহীত বিলাহী ৰান্ধিলে ইয়াৰ এচিডে আইৰণৰ লগত বিক্ৰিয়া কৰিব পাৰে। ফলত খাদ্যৰ সোৱাদ ধাতুৰ দৰে হ’ব পাৰে আৰু ইয়াৰ ফলত আপোনাৰ স্বাস্থ্যৰ ওপৰত বিৰূপ প্ৰভাৱ পৰিব পাৰে। লোহাৰৰ কেৰাহীত বিলাহী ৰান্ধিলে য়াত থকা অতিৰিক্ত আইৰণ মুক্ত হ’ব পাৰে, যাৰ ফলত শৰীৰত অতিৰিক্ত আইৰণৰ সৃষ্টি হ’ব পাৰে।

লোহাৰ কেৰাহীত দৈ বা অন্যান্য দুগ্ধজাত সামগ্ৰী ৰান্ধি বা গৰম কৰিলে ভাল নহয়। দৈত কেলচিয়ামৰ পৰিমাণ বেছি আৰু এই কেলচিয়ামে আইৰণৰ লগত বিক্ৰিয়া কৰিব পাৰে। ইয়াৰ ফলত দৈৰ সোৱাদ নষ্ট হোৱাৰ লগতে ইয়াৰ পুষ্টিকৰ মূল্যও হ্ৰাস পাব পাৰে।

ছাইট্ৰাছ ফলৰ ৰসৰ দৰে নেমু কেতিয়াও লোহাৰ কেৰাহীত দিব নালাগে। নেমুত থকা চাইট্ৰিক এচিডে আইৰণৰ সৈতে বিক্ৰিয়া কৰি খাদ্যত ধাতুৰ সোৱাদ সৃষ্টি কৰাৰ লগতে ইয়াৰ ৰঙও সলনি কৰিব পাৰে।

কচুৰ তৰকাৰী লোহাৰ কেৰাহীত ৰান্ধিব নালাগে। কাৰণ কচুত অক্সালিক এচিড থাকে, যিয়ে আইৰণৰ সৈতে বিক্ৰিয়া কৰে। ইয়াৰ বাবে কচুৰ ৰং নষ্ট হ’ব পাৰে আৰু খাদ্যও স্বাস্থ্যৰ বাবে অস্বাস্থ্যকৰ হৈ পৰে।


Leave A Reply

Your email address will not be published.