Breaking

স্বাধীনতা দিৱসৰ মাজতেই আলফা (স্বাঃ)ৰ ই-মেইল, ৰাজ্যৰ ১৯টা স্থানত বোমা সংস্থাপন কৰা বুলি দাবী…

0 48

স্বাধীনতা দিৱসৰ মাজতেই আলফা (স্বাঃ)ৰ ই-মেইল বাৰ্তা। ৰাজ্যৰ ১৯টা স্থানত বোমা সংস্থাপন কৰা বুলি দাবী। গুৱাহাটীৰ ৮টাকৈ স্থানত বোমা স্থাপন কৰাৰ দাবী সংগঠনটোৰ। দিছপুৰ লাষ্টগেট, নাৰেংগী আৰ্মী কেম্পৰ সমীপৰ CDA গেটত বোমা স্থাপন। ভেটাপাৰা, মালিগাঁও, যোৰাবাট, ৰাজগড়ত বোমা সংস্থাপনৰ দাবী। পাণবজাৰৰ ব্ৰহ্মপুত্ৰ উদ্যোগৰ এটা গুমটিৰ তলত, শৰণীয়াৰ গান্ধী মণ্ডপলৈ যোৱা ট্ৰেন্সফৰ্মাৰৰ বাকচত, শিৱসাগৰৰ DTO অফিচৰ কাষত, ONGCৰ বিজি ৰোডত, লাকুৱা তিনিআলি, ডিব্ৰুগড়ৰ পুৰণা বাছ আস্থানতো বোমা স্থাপনৰ দাবী।

লখিমপুৰ আৰক্ষী অধীক্ষকৰ কাষৰ পেৰেড গ্ৰাউণ্ডৰ কাষত, লালুক দৈনিক বজাৰ, বৰঘাট আৰক্ষী চকীৰ সমীপতো বোমা স্থাপনৰ দাবী। নলবাৰী, ৰঙিয়া-তামুলপুৰ ৰোড, নগাঁও মেডিকেললৈ যোৱা পথতো বোমা স্থাপনৰ দাবী। কাৰিকৰী বিজুতিৰ বাবে দুপৰীয়া ১২ বজাৰ পূৰ্বে বিস্ফোৰণ কৰিব নোৱাৰা বুলি উল্লেখ। উক্ত স্থানৰ বোমাসমূহ নিষ্ক্ৰিয় কৰাৰ আহ্বান আলফা স্বাধীনৰ। বোমা স্থাপনৰ ঠাইসমূহৰো ফটো প্ৰেৰণ কৰিছে আলফা (স্বাঃ)-এ।

Leave A Reply

Your email address will not be published.