Breaking

হাড় দুৰ্বল হৈছে নেকি? খাওক এই সমূহ খাদ্য, গাখীৰৰ বাহিৰেও কেলচিয়াম সমৃদ্ধ আছে বহু খাদ্য…

0 33

আমি সকলোৱে জানো যে গাখীৰ এনে এবিধ খাদ্য য’ত সকলো ধৰণৰ পুষ্টিকৰ উপাদান থাকে, সেয়েহে আমাৰ মা-দেইতাই আমাক সৰুৰে পৰা গাখীৰ খোৱাৰ পৰামৰ্শ দিয়ে। গাথীৰ খালে কেলচিয়াম, হাড় শক্তিশালী হয় আৰু একে সময়তে আমি বহু ৰোগৰ পৰা ৰক্ষা পাওঁ, কিন্তু সকলোৱে গাখীৰ খাই ভাল নাপায়। গাখীৰৰ সলনি আন বহুতো বস্তু খালেও কেলচিয়াম পোৱা যায়। গাখীৰৰ বাহিৰেও কেলচিয়াম সমৃদ্ধ খাদ্য সমূহ জানো আহকঃ

১/ কমলা

কমলা এবিধ ফল, যি বিধ ফল সাধাৰণতে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিৰ বাবে ভিটামিন চি পোৱাৰ বাবে খোৱা হয়, কিন্তু এই ফলৰ ৰস খালে শৰীৰত কেলচিয়ামৰ অভাৱ নহয়।

২/ ওটচ

ওটছ এটা অতি স্বাস্থ্যকৰ খাদ্য যিটো আমি সাধাৰণতে ব্ৰেকফাষ্টত খাওঁ, ইয়াত প্ৰচুৰ পৰিমাণে কেলচিয়াম থাকে যিয়ে শৰীৰক শক্তিশালী কৰে।

৩/ ৰ’দৰ পোহৰ

আপুনি হয়তো প্ৰায়ে শুনিছে যে ভিটামিন ডি পাবলৈ হ’লে নিজকে সূৰ্যৰ পোহৰত ৰাখিব লাগে, সূৰ্যৰ পোহৰৰ জৰিয়তেও কেলচিয়াম লাভ কৰিব পাৰি।

৪) সেউজীয়া পাতৰ পাচলি

সেউজীয়া পাতৰ শাক-পাচলি সদায় স্বাস্থ্যৰ বাবে উপকাৰী বুলি বিবেচিত হৈ আহিছে। অন্যান্য গুৰুত্বপূৰ্ণ পুষ্টিকৰ উপাদানৰ উপৰিও ইয়াৰ পৰা কেলচিয়ামো লাভ কৰিব পাৰি।

Leave A Reply

Your email address will not be published.