Breaking

মৰিগাঁৱত দেশৰ ৭৮ সংখ্যক স্বাধীনতা দিৱস উদযাপন

0 23

দৈনন্দিন বাৰ্তা মৰিগাঁও ১৬ আগষ্ট, মৰিগাঁও জিলা প্ৰশাসনে জিলা সদৰ মৰিগাঁৱৰ তৰুণৰাম ফুকন খেলপথাৰত কেন্দ্ৰীয়ভাৱে আয়োজন কৰা ৭৮ সংখ্যক স্বাধীনতা দিৱসৰ অনুষ্ঠানত আজি জিলা আয়ুক্তই আনুষ্ঠানিকভাৱে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে। আৰক্ষী বাহিনী, গৃহৰক্ষী বাহিনী, এন চি চি আৰু স্কুলীয়া তথা মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ কুচ-কাৱাজৰ অভিবাদন গ্ৰহণ কৰি আয়ুক্তগৰাকীয়ে দেশৰ স্বাধীনতা দিৱসৰ এই গৌৰৱোজ্জ্বল ক্ষণত জনসাধাৰণক সম্বোধন কৰি স্বাধীনতা দিৱসৰ শুভকামনা কৰে।

ভাষণৰ আৰম্ভণিতেই স্বাধীনতাৰ প্ৰতিষ্ঠাপক পিতৃপুৰুষসকলক, দেশৰ অখণ্ডতা আৰু সুৰক্ষাৰ বাবে নিজৰ জীৱন উছৰ্গা কৰা ভাৰত মাতৃৰ অমৃত সন্তানসকলক শ্ৰদ্ধাৰে স্মৰণ কৰাৰ লগতে তেওঁ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। আয়ুক্ত গৰাকীয়ে কয় যে আজি আমি আমাৰ জাতিৰ স্বাধীনতাৰ ৭৮ বছৰীয়া জয়ন্তী উদযাপনৰ বাবে সকলো একত্ৰিত হৈছো।


তেখেতে কয় যে আমাৰ কৃষি খণ্ডই উল্লেখযোগ্য বৃদ্ধি দেখুৱাইছে, আমাৰ শিক্ষাৰ পদক্ষেপে ফল দিছে, আৰু আমাৰ স্বাস্থ্যসেৱা সেৱাৰ যথেষ্ট উন্নতি হৈছে।আমি সকলো ক্ষেত্ৰতে উৎকৃষ্টতাৰ বাবে চেষ্টা অব্যাহত ৰাখিম, যাতে আমাৰ জিলাখন আশা আৰু প্ৰগতিৰ ৰেখা হিচাপে হৈ থাকে।আহক আমি একেলগে কাম কৰি নিজৰ, আমাৰ সন্তানৰ, আৰু আমাৰ জাতিৰ বাবে এক উজ্জ্বল ভৱিষ্যত গঢ়ি তোলোঁ।

সভাৰ শেষত আয়ুক্ত গৰাকীয়ে ৰাজ্য তথা দেশ নিৰ্মাণৰ যাত্ৰা পথত সকলোৰে সহযোগ-মাৰ্গদৰ্শন আৰু আশিস কামনা কৰে। অনুষ্ঠানত মৰিগাঁও সমষ্টিৰ বিধায়ক তথা ভৈয়াম জনজাতি উন্নয়ন নিগমৰ অধ্যক্ষ ৰমাকান্ত দেউৰী, তিৱা স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰ, আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাস, মৰিগাঁও পৌৰ সভাৰ পৌৰ পতি যোগেশ তামুলী, জিলা উন্নয়ন আয়ুক্ত সিদ্ধাৰ্থ গোস্বামীৰ লগতে বহুকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত আছিল। অনুষ্ঠানৰ অংশৰূপে কেইবাটাও সাংস্কৃতিক কাৰ্যসূচীও গ্ৰহণ কৰা হয়। অনুষ্ঠানৰ শেষত কুচ-কাৱাজ আৰু প্ৰতীক পটৰ বিজয়ী দল তথা বিভাগসমূহক পুৰস্কৃত কৰা হয় আৰু কেইবাটাও অনুষ্ঠান আৰু ব্যক্তিক সম্বৰ্ধনা জনোৱা হয়।

Leave A Reply

Your email address will not be published.