Breaking

যোৰহাট জিলা কৰ্মচাৰী পৰিষদৰ বাঘচোং আঞ্চলিক সমিতি গঠন

0 56

যোৰহাট, ১৬ আগষ্টঃ আজি যোৰহাট জিলা কৰ্মচাৰী পৰিষদৰ অন্তৰ্গত বাঘচোং আঞ্চলিক কৰ্মচাৰী পৰিষদৰ দ্বি-বাৰ্ষিক অধিৱেশনখন যোৰহাট জিলা কৰ্মচাৰী পৰিষদৰ সভাপতি জীৱকান্ত বৰাৰ সভাপতিত্বত অনুষ্ঠিত হয়। যোৰহাটৰ বাঘচোং উন্নয়ন খণ্ড প্ৰেক্ষাগৃহত বিদায়ী আঞ্চলিক সম্পাদক বিনয় কুমাৰ শইকীয়াই উদ্দেশ্য ব্যাখ্যা কৰা সভাখনত সদৌ অসম কৰ্মচাৰী পৰিষদৰ উপ-সভাপতি তথা যোৰহাট জিলা কৰ্মচাৰী পৰিষদৰ সম্পাদক প্ৰদীপ ৰাজখোৱা আৰু ৰাজ্যিক উপদেষ্টা নৃপেন ভূঞাই ক্ৰমে মুখ্য অতিথি আৰু পৰ্যবেক্ষক হিচাপে অংশগ্ৰহণ কৰি বক্তব্য আগবঢ়ায়।

মুখ্য অতিথিৰ ভাষণত ৰাজখোৱাই কৰ্মচাৰী পৰিষদৰ কৰ্মসূচী, জিলা অধিৱেশনৰ প্ৰস্তুতি লগতে সাংগঠনিক দিশত আলোচনা আগবঢ়ায়। ইয়াৰ পিছতে বাঘচোং আঞ্চলিক কৰ্মচাৰী পৰিষদৰ পুৰণি আঞ্চলিক সমিতিখনে পদত্যাগ কৰাৰ লগে লগে সৰ্বসন্মতিক্ৰমে কেশৱ গগৈক সভাপতি, বিনয় কুমাৰ শইকীয়া, ৰাধিকা দাস, দেৱেশ্বৰ শইকীয়া আৰু পৱিত্ৰ পাঠকক উপ-সভাপতি, প্ৰাঞ্জল প্ৰতীম বৰাক সম্পাদক, শংকুসিদ্ধ নাথ, প্ৰিয়তম বৰুৱা, পৰাগ কলিতা আৰু অতুল বৰাক সহকাৰী সম্পাদক, জিতুল গগৈ, ৰাখী ডেকা, মুহিধৰ বৰা আৰু দিলীপ বৰাক সাংগঠনিক সম্পাদক, ৰূপজ্যোতি বৰা, দিপক বৰুৱা, কৈলাশ বৰা, অজিৎ শইকীয়া, গৌৰৱ গগৈ, মুকুন্দ মাধৱ চাংমাই আৰু মাধূৰ্য মুকুল বৰা প্ৰমুখ্যে কাৰ্যনিৰ্বাহক সদস্যৰে ২১ জনীয়াকৈ আঞ্চলিক সমিতি গঠন কৰা হয়। সদৌ শেষত নতুন সমিতিৰ শপত গ্ৰহণৰ পিছতে সভাপতিৰ সাৰুৱা মন্তব্যৰে দ্বি-বাৰ্ষিক অধিৱেশনখনৰ সফল সামৰণি ঘটে ।।

Leave A Reply

Your email address will not be published.