Breaking

কামৰূপ জিলা কাৰাটে লংকেশ্বৰ কাৰাটে গিল্ডৰ ২০টা পদক

0 27

আজাৰা,১৬ আগষ্ট:আজাৰা তালুক ভৱন প্ৰাংগণত কালি চতুৰ্থ কামৰূপ জিলা কাৰাটে প্ৰতিযোগিতাখন অনুষ্ঠিত হয় । প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি লংকেশ্বৰ কাৰাটে গীল্ডৰ প্ৰতিযোগি সকলে ২০ টাকৈ পদক লাভ কৰি সুনাম কঢ়িয়াই আনে ।

গীল্ডৰ প্ৰশিক্ষক খগেন কলিতা,ৰাব্বা আহমেদ আৰু প্ৰতিস্মিতা দাসে জানিবলৈ দিয়ামতে গীল্ডৰ হৰ্ষিতা কাশ্যপ , মনজিষ্ঠা কলিতা আৰু প্ৰত্যাশা কলিতাই সোণৰ পদক লাভ কৰে । কৃষ্টাঙ্গী দাস,জিষ্নু কাশ্যপ,গৌৰব জ্যোতি দাস,আৰিফ আলীয়ে ৰূপৰ পদক লাভ কৰে । উপস্যা কাশ্যপ , মৌচুমী দাস,মহৰ্ষি কাশ্যপ, বিটুপন দাস,ৰিয়ান কলিতা, হেমজ্যোতি দাস দুই,আৰ্টিকা কলিতা দুই হৰ্ষজিত কলিতা দুই আৰু তেহজিব ৰহমানে দুটাকৈ ব্ৰণ্জৰ পদক লাভ কৰে।

Leave A Reply

Your email address will not be published.