Breaking

কেৰেলাত ৰাষ্ট্ৰীয় কালাৰিপায়াত্তু চেম্পিয়নশ্বিপত পদক অৰ্জন তিতাবৰৰ মোহনাটিঙৰ আচিকুৰ ৰহমানৰ…

0 32

■ কেৰেলাত ৰাষ্ট্ৰীয় কালাৰিপায়াত্তু চেম্পিয়নশ্বিপত পদক অৰ্জন তিতাবৰৰ মোহনাটিঙৰ আচিকুৰ ৰহমানৰ
■ উত্তৰাখণ্ডৰ ৩৮ সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়া সমাৰোহলৈ নিৰ্বাচিত আচিকুৰ ৰহমানৰ সাফল্যত উৎফুল্লিত তিতাবৰবাসী

🔷 ভাৰতীয় কালাৰিপায়াত্তু ফেডাৰেশ্যনৰ উদ্যোগত যোৱা ৯ আগষ্টৰ পৰা কেৰেলাৰ থিৰুভাননথাপুৰমত তিনিদিনীয়াকৈ অনুষ্ঠিত হোৱা ষষ্ঠদশ কালাৰিপায়াত্তু চেম্পিয়নশ্বিপত ৰূপৰ পদক অৰ্জন কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিলে তিতাবৰৰ মোহনাটিঙৰ আচিকুৰ ৰহমানে ।

🔷 উল্লেখ্য যে, মাৰ্চিয়েল আৰ্ট কালাৰিপায়াত্তু ক্ৰীড়াৰ হাই কিক্ শাখাত পদক অৰ্জন কৰা যোৰহাট জিলাৰ একমাত্ৰ খেলুৱৈ আচিকুৰ ৰহমানৰ উপৰিও অসমৰ বিভিন্ন স্থানৰ ক্ৰমে প্ৰাগজ্যোতি ডেকা, আকিব আৰ চাংমা, ইমৰান আলি, মনোজ চেত্ৰী, ৰাহুল ঘৰচানে, চাফাৰজ আলি আৰু ৰিকি খাৰকাই ১ টা সোণ, ৬ টা ৰূপ, ৬ টা ব্ৰঞ্জৰ মুঠ ১৩ টা পদক অৰ্জন কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হোৱাৰ লগতে উত্তৰাখণ্ডত অনুষ্ঠিত হ’ব লগা আগন্তুক ৩৮ সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়া সমাৰোহত প্ৰতিদ্বন্দিতা কৰিবলৈ নিৰ্বাচিত হৈছে।

🔷 মাৰ্চিয়েল আৰ্ট কালাৰিপায়াত্তু চেম্পিয়নশ্বিপত বিজয়ী হৈ আজি তিতাবৰৰ মোহনাটিঙৰ স্বগৃহত উপস্থিত হোৱাৰ পিছত স্থানীয় যুৱ সমাজকৰ্মী ৰঘু গোৱালাই আঁত ধৰা অনুষ্ঠানত DB News ৰ সাংবাদিক প্ৰসেনজিৎ ৰাজখোৱা প্ৰমুখ্যে স্থানীয় যুৱ সমাজ, গ্ৰাম্য সংগঠন, বিভিন্ন আত্মসহায়ক গোটৰ প্ৰতিনিধিসহ শুভাকাঙ্খীসকলৰ উপৰিও তিতাবৰৰ বিধায়ক ভাস্কৰজ্যোতি বৰুৱাই এখন ফুলাম গামোচাৰে অভিনন্দন জনায়।

Leave A Reply

Your email address will not be published.