Breaking

মোহন বাগান-ইষ্ট বেংগলৰ ডুৰাণ্ড কাপৰ খেল বাতিল

0 22

কলকাতা, ১৭ আগষ্ট ঃ চলিত ১৩৩ সংখ্যক ইণ্ডিয়ান অইল ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতাৰ কাইলৈ কলকাতাৰ বিবেকানন্দ যুৱভাৰতী ক্ৰীড়াংগনত হ’বলগা মোহন বাগান ছুপাৰ জায়েণ্ট আৰু ইষ্ট বেংগল এফ চিৰ মাজৰ ৰোমাঞ্চকৰ কলকাতা ডাৰ্বি স্থগিত ৰখা হৈছে৷ উল্লেখ্য যে এগৰাকী মহিলা চিকিৎসকক গণধৰ্ষন কৰাৰ ঘটনাক লৈ কলকাতা চহৰ উত্তাল হৈ থকাৰ বাবেই এই সিদ্ধান্ত লোৱা হৈছে৷

এই মেচখন গ্ৰুপ ‘এ’ৰ অন্তিম খেল হোৱাৰ লগতে প্ৰতিযোগিতাৰো শেষৰখন লীগ মেচ আছিল৷ মেচ বাতিল হোৱাৰ বাবে উভয় দলকে এক পইণ্টকৈ ভগাই দিয়া হয়৷ উল্লেখ্য যে মোহন বাগান ছুপাৰ জায়েণ্ট আৰু ইষ্ট বেংগল এফ চিয়ে ইতিমধ্যে খেলা গ্ৰুপ দূয়োখন মেচতে জয়লাভ কৰিছিল৷ বাতিল হোৱা তৃতীয় মেচৰ পৰা এক পইণ্টকৈ লাভ কৰাৰ পাছত কলকাতাৰ উভয় দলে সাত পইণ্টকৈ লাভ কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে৷ গ্ৰুপত মোহন বাগান শীৰ্ষত আৰু ইষ্ট বেংগল এফ চি দ্বিতীয় স্থানত থাকে৷

ইফালে, ভাৰতীয় সেনাই আয়োজন কৰা প্ৰতিযোগিতাৰ আজি ছিলঙৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত হোৱা গ্ৰুপ ‘এফ’ৰ অন্তিম মেচত এফ চি গোৱা আৰু ছিলং লাজং এফ চিয়ে ৰ-ৰ গলত ড্ৰ খেলে৷ কিন্তু গলৰ পৰিসংখ্যা হিচাপত লাজং দলে গ্ৰুপ শীৰ্ষ হৈ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিবলৈ সক্ষম হয়৷ ইফালে, দ্বিতীয় স্থানত থকা গোৱাই সাত পইণ্ট লাভ কৰিলেও গলৰ গড় হিচাপত সাত পইণ্ট পোৱা ইষ্ট বেংগল আৰু পঞ্জাৱ এফ চিহে কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে৷

উল্লেখ্য যে এইবাৰ ডুৰাণ্ড কাপত অংশ লোৱা মুঠ ২৪ টা দলক ছটা গ্ৰুপত ভাগ কৰা হৈছে৷ চাৰিটা দল থকা প্ৰতিটো গ্ৰুপৰ পৰা শীৰ্ষ দলটো আৰু দুটা শ্ৰেষ্ঠ দ্বিতীয় স্থানৰ দলে নকআউট পৰ্যায়লৈ যোগ্যতা অৰ্জন কৰিছে৷ প্ৰতিযোগিতাৰ ফাইনেল খেলখন অহা ৩১ আগষ্টত অনুষ্ঠিত হ’ব৷ ডুৰাণ্ড কাপৰ সকলো মেচ চনী স্প’ৰ্টছ নেটৱৰ্কত লাইভ সম্প্ৰচাৰৰ লগতে চ’নীলিভ অ’টিটি প্লেটফৰ্মত লাইভ ষ্ট্ৰীম কৰা হৈছে৷

ডুৰাণ্ড কাপ ঃ উল্লেখ্য যে ১৮৮জ্জ্ব চনত ছিমলাত ডুৰাণ্ড কাপৰ উদ্বোধনী বৰ্ষৰ খেল আৰম্ভ হয় আৰু তাৰ পিছত ১৯৪০ চনত নতুন দিল্লীলৈ স্থানান্তৰিত হয়৷ ২০১৬ চনলৈকে প্ৰতিযোগিতাখন দেশৰ ৰাজধানীতে অনুষ্ঠিত হোৱাৰ পাছত ২০১৯ চনত ইষ্টাৰ্ণ কমাণ্ডৰ তত্বাৱধানত এই প্ৰতিযোগিতাখন দেশৰ পূব অংশলৈ স্থানান্তৰিত হয় আৰু ভাৰতীয় ফুটবলৰ মক্কা কলকাতাত খেল আয়োজন কৰা হয়৷ ডুৰাণ্ড কাপক আৰু অধিক অনন্য কৰি তোলা বিষয়টো হ’ল বিজয়ীসকলে তিনিটা ট্ৰফী পায় ডুৰাণ্ড কাপ আৰু শিমলা ট্ৰফী দিয়াৰ লগতে আৰু এটা স্থায়ীৰূপত চেম্পিয়ন দলটোৱে ৰখাৰ বাবে প্ৰেচিডেণ্ট’ছ কাপ দিয়া হয়৷

Leave A Reply

Your email address will not be published.