Breaking

দীনজ্যেতি ফাউণ্ডেশ্যনৰ দ্বিতীয় বাৰ্ষিক অধিৱেশন…

0 26

দীনজ্যেতি ফাউণ্ডেশ্যনৰ দ্বিতীয় বাৰ্ষিক অধিৱেশন

সাংবাদিক কমল কুমাৰলৈ সংবাদ প্ৰহৰী বঁটা

আজি দিনৰ ২ বজাৰ পৰা গুৱাহাটীৰ কাহিলীপাৰাস্থিত জ্যোতি চিত্ৰবনত অনুষ্ঠিত হয় দীনজ্যেতি ফাউণ্ডেশ্যনৰ দ্বিতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস। চুমী ৰহমানৰ নেতৃত্বত অনুষ্ঠিত উক্ত অনুষ্ঠানত মুক্তি যুঁজাৰু প্ৰয়াত চিৰাজুদ্দিন আহমেদ, প্ৰয়াত পদ্ম কুমাৰ দত্ত, প্ৰয়াত হৰেন্দ্ৰ নাথ শীল আৰু পণ্ডিত ভূৱনচন্দ্ৰ ভূঞাক সম্বৰ্ধনা জনোৱাৰ লগতে সাংস্কৃতিক সাংবাদিক দৰ্শনা বৰুৱাক সংবাদ সাধনা বঁটাৰে সন্মানিত কৰাৰ লগতে সাংবাদিক কমল কুমাৰলৈ সংবাদ প্ৰহৰী বঁটা আগবঢ়োৱা হয়।


দৰং জিলাৰ পৰা প্ৰকাশিত মংগল বাতৰি, নতুন প্ৰবাহ বাতৰি কাকতৰ জৰিয়তে সাংবাদিকতাৰ পৃথিৱীত প্ৰথম খোজ পেলাই পৰবৰ্তী সময়ত অসমৰ বহুকেইখন আগশাৰীৰ কাকতত সাংবাদিকতাৰ সেৱা আগবঢ়াই অহাৰ লগতে প্ৰাগ নিউজ, প্ৰথম খবৰ ডিজিটেলৰ সাংবাদিক হিচাপে সেৱা আগবঢ়োৱা কুমাৰে কুৰিখনকৈও অধিক গ্ৰন্থ সম্পাদনা কৰিছে। অসমৰ জনপ্ৰিয় আলোচনী ‘মায়া’ৰ কাৰ্যবাহী সম্পাদক, জনপ্ৰিয় ‘বিন্দু আলোচনী’ৰ সম্পাদক হিচাপে দীৰ্ঘ সময় কাৰ্যনিৰ্বাহ কৰা কমল কুমাৰৰ প্ৰকাশিত গ্ৰন্থ হৈছে “ধুনীয়া বাবেই ভালপাওঁ তোমাক”, “ৰক্ত কমল”, আই লাভ ইউ।

অসম চৰকাৰৰ যুৱ লেখকৰ সন্মান লাভ কৰা কুমাৰে সম্প্ৰতি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ “আধ্যাত্মিক চিন্তা আৰু দৰ্শন’’, আৰু সামাজিক উপন্যাস “মজেবাই” গ্ৰন্থখন দুখন প্ৰকাশৰ পথত। এগৰাকী আপোচবিহীন লেখক আৰু সত্যনিষ্ঠ সংবাদদাতা হিচাপে তেখেতে সমাজক এখন গণতান্ত্ৰিক মঞ্চ প্ৰদান কৰাৰ হেতু দীৰ্ঘদিনৰ পৰা নিৰলে সেৱাত ব্ৰতী হৈ অহাৰ বাবে আজিৰ এই অনুষ্ঠানত তেখেত ‘সংবাদ প্ৰহৰী’ বঁটা প্ৰদান কৰে। যুৱ সাংবাদিক ডিম্পী ভৰালীয়ে আঁতধৰা আজিৰ এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে বৰঠাকুৰ আই.এ.এছ একাডেমীৰ স্বত্বাধিকাৰী বন্দনা বৰঠাকুৰ, বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে বিশিষ্ট অভিনেত্ৰী মৃদুলা বৰুৱা, পূৰৱী শৰ্মা, কাশ্মিৰী শইকীয়া।

Leave A Reply

Your email address will not be published.