Breaking

শিৱসাগৰত বহিৰাগতৰ সংগঠন নিষিদ্ধ ! শৃংখল চলিহাৰ লগতে একাধিক নেতাৰ প্ৰতিবাদী গৰ্জন…

0 59

অনা অসমীয়াৰ বিৰুদ্ধে ঐক্যবদ্ধ অসমীয়া আজি শিৱসাগৰত । শ শ অসমীয়া লোক আৰু ৩০ টা জাতীয় সংগঠনৰ কৰ্মীয়ে শিৱসাগৰ নগৰৰ অলি গলিৰ লগতে ৰাজপথত অনা অসমীয়াৰ বিৰুদ্ধে তুলিছে প্ৰতিবাদী ঢৌ ।

শৃংখল চলিহা, চিতু বৰুৱাকে ধৰি একাধিক নেতাৰ প্ৰতিবাদী গৰ্জন । প্ৰতিবাদীৰ আগত শিৱসাগৰৰ সকলো দোকান পোহাৰ বন্ধ ৰখা হৈছে । প্ৰতিবাদকাৰীৰ সন্মুখত ষ্টব্ধ অসম আৰক্ষী ।

শিৱসাগৰত আজিৰে পৰা বন্ধ হ’ব অনা অসমীয়া সংগঠন । শিৱসাগৰত এতিয়াৰে পৰা অনা অসমীয়া লোকে ক্ৰয় কৰিব নোৱাৰিব মাটি । RSS আৰু বাহিৰাগত লোকৰ বুকু কপাই আকাশ বতাহত মিলি গৈছে কেৱল প্ৰতিধ্বনি “জয় আই অসম” ।

Leave A Reply

Your email address will not be published.