Breaking

তুলিৰামক কিয় এৰাই চলিব বিচাৰিছে মুখ্যমন্ত্ৰীয়ে…

0 32


কথাতে আছে একালৰ বৃন্দাবন, একালত পৰ চন, একালৰ পৰম মিত্ৰও একালত হৈ পৰে এলাগী। কাৰ্বিভূমিতো এনেবোৰ কথাই যেন এতিয়া সঁচাত পৰিণত হৈছে। কার্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কার্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ কাম-কাজকলৈ এতিয়া কাৰ্বি পাহাৰত উমি উমি জ্বলিছে ক্ষোভৰ জুই। তুলিৰামে সংঘটিত কৰা নানান অনিয়ম আৰু দুৰ্নীতিৰ কথা এতিয়া দিনৰ পোহৰৰ দৰেই ফটফটীয়া হৈ পৰিছে। তুলিৰামৰ দুৰ্নীতি আৰু স্বজ-তোষণৰ কথা এতিয়া কাৰ্বি পাহাৰৰ মানুহৰ মুখে মুখে। নানান কাৰণত ইতিমধ্যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো আনকি একালৰ পৰম বিশ্বাসী ব্যক্তি তুলিৰামক এৰাই চলিবলৈ লোৱা পৰিলক্ষিত হৈছে। এই কথাৰ প্ৰমাণ সৌসিদিনা কলাক্ষেত্ৰত আয়োজিত বিজেপিৰ কৰ্মীসভাতে পোৱা গৈছিল। মুখ্যমন্ত্ৰীৰ পৰা সেই দিনা তুলিৰামে আলেঙে আলেঙে থকাৰ কথাৰ পৰাই এই কথা প্ৰমাণ হৈছিল যে তুলিৰাম এতিয়া আৰু মুখ্যমন্ত্ৰীৰ বুকুৰ কুটুম হৈ থকা নাই। কার্বি আংলং স্বায়ত্ত শাসিত পৰিষদত তুলিৰামে কৰি অহা অনিয়ম তথা দুৰ্নীতিৰ চেকা মুখ্যমন্ত্ৰী নিজৰ গাত লগাব বিচৰা নাই বাবেই তুলিৰামক এৰাই চলা বুলি বহুতে আলোচনা কৰিছে। এক বিশেষ সূত্ৰই প্ৰকাশ কৰা মতে মুখ্যমন্ত্ৰী তুলিৰামক মাত্ৰ এইবুলি পৰামৰ্শ দিছে যে তুলিৰামে মানুহৰ মাজলৈ গৈ কাম কৰক, মানুহৰ মন জয় কৰাৰ চেষ্টা কৰক। আৰু এনেদৰে তেওঁ তেওঁৰ হৃত জনপ্ৰিয়তা পুনৰ উদ্ধাৰ কৰক। সূত্ৰটোৱে প্ৰকাশ কৰা মতে এক কথাত তুলিৰাম এতিয়া মুখ্যমন্ত্ৰীৰ বাবে এক অচল টকাত পৰিণত হৈছে। তুলিৰামে ইমান দিনে যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক এখন ভুল ছবি দেখুৱাই আছিল সেই কথা ইতিমধ্যে প্ৰমাণ হৈছে। সেয়ে তুলিৰামৰ মুখৰ প্ৰলেপ এতিয়া

আঁতৰি গৈছে আৰু মুখ্যমন্ত্ৰী শৰ্মাৰো চকু মেল খাইছে বুলি বহুতে ব্যাপকভাবে চৰ্চা কৰা পৰিলক্ষিত হৈছে। বহুতে এই বুলিও আলোচনা কৰিছে যে যদি মুখ্যমন্ত্ৰীে তুলিৰামৰ লগত থাকে তেন্তে তেওঁৰ গাতো তুলিৰামৰ কলংকৰ দাগ পৰিব। সেয়ে সময় থাকোতেই মুখ্যমন্ত্ৰীয়ে তুলিৰামৰ পৰা নিৰপদ দূৰত্বত অৱস্থান কৰা বুলি কাৰ্বিভূমিত চৰ্চা হৈছে। ইয়াৰ মাজতে দৈনন্দিন বাৰ্তা কাকতত তুলিৰামৰ নানান অনিয়মৰ বিষয়ে নিৰবচ্ছিন্নভাবে প্ৰকাশ পাই থকাত কাৰ্বিভূমিৰ জনতাই কাকতগোষ্ঠীটোক ভূয়সী প্ৰশংসা কৰাৰ লগতে অনাগত দিনতো এনেধৰণৰ বাতৰি প্ৰকাশ কৰি থাকিবলৈ আহ্বান জনোৱা পৰিলক্ষিত হৈছে। তুলিৰামে চৰকাৰী আঁচনিৰ নামত কৰা দুৰ্নীতিৰ প্ৰতিটো অধ্যায় উন্মোচন হোৱাটো এতিয়া বিচাৰিছে কাৰ্বিভূমিৰ জনতাই। অইখিনিতে প্ৰশ্ন হয়- এসময়ত ভাতঘৰৰ মানুহ তুলিৰামক মুখ্যমন্ত্ৰীয়ে এৰাই চলা হ’ল কিয়? ইয়াৰ প্ৰথম কাৰণটোৱেই হ’ল তুলিৰামে সংঘটিত কৰা দুৰ্নীতি আৰু অনিয়ম। ৰত্নাকৰৰ পাপৰ ভাগ যিদৰে আন ল’ব বিচৰা নাছিল, একেদৰে তুলিৰামৰো অনিয়ম- দুৰ্নীতিৰ চেকা আন বহুতৰে লগতে মুখ্যমন্ত্ৰীয়েও ল’ব বিচৰা নাই বুলি চৰ্চা হৈছে। তুলিৰামক মুখ্যমন্ত্ৰীয়ে এলাগী কৰাৰ আন এক কাৰণ হৈছে ২০২৪ৰ লোকসভা নিৰ্বাচনত প্ৰাৰ্থীকলৈ কৰা অযথা হস্তক্ষেপ। ২০২৪ৰ লোকসভা নিৰ্বাচনত তুলিৰামে নিজৰ

সমষ্টিতে এগৰাকী প্ৰাক্তন সাংসদক টিকট দিয়াৰ ক্ষেত্ৰত হকা-বাধা কৰাৰ ফল এতিয়া তেওঁ ভোগ কৰিবলগীয়া হৈছে বুলি সূত্ৰটোৱে প্ৰকাশ কৰিছে। সূত্ৰটোৱে কয় যে প্ৰাক্তন সাংসদগৰাকীক টিকট দিব নালাগে বুলি তুলিৰামেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক পতিয়ন নিয়াইছিল। সেই সময়ত মুখ্যমন্ত্ৰীৰৰ একান্ত বিশ্বাসী নেতা হিচাবে পৰিচিত তুলিৰামৰ কথা মতেই প্ৰাক্তন সাংসদগৰাকীক টিকট দিয়া নহ’ল বুলি চৰ্চা চলিছে। ফলত সমষ্টিটোত ইয়াৰ মূল্য ভৰিবলগীয়া হ’ল বিজেপিয়ে। বিগত লোকসভা নিৰ্বাচনত এনডিএৰ প্ৰাৰ্থীগৰাকীয়ে কাণে কাণ মাৰিহে জয়ী হ’বলৈ সক্ষম হয়। তাকো গেৰুৱা শিবিৰে যদি কংগ্ৰেছৰ ভোট বেংকত খহনীয়াৰৰ সৃষ্টি কৰিবলৈ আওপাকে এগৰাকী নিৰ্দলীয় প্ৰাৰ্থী থিয় নকৰালেহেঁতেন তেন্তে তুলিৰামৰ লোকসভা সমষ্টিটো হয়তো বিজেপিৰ হাতত ৰখাই সম্ভৱ নহ’লহেঁতেন বুলি সূত্ৰটোৱে প্ৰকাশ কৰিছে। সূত্ৰটোৱে প্ৰকাশ কৰা মতে তেনে কথাৰ বাবেই মুখ্যমন্ত্ৰী শৰ্মা এতিয়া খৰ্গহস্ত হৈ পৰিছে তুলিৰামৰ ওপৰত। এনে কাৰণতে এতিয়া কাৰ্বিভূমিত এতিয়া তুলিৰামৰ এজন বিকল্প নেতাৰ সন্ধান চলা বুলিহে সূত্ৰটোৱে সদৰী কৰে।সূত্ৰটোৰ মতে কাৰ্বিভূমিত তুলিৰামে পৰিয়াল কেন্দ্ৰিক ৰাজনীতিত নিমগ্ন হৈছে। যি কথা মুখ্যমন্ত্ৰী শৰ্মাই অলপো ভালপোৱা নাই বা মিনি ল’বও পৰা নাই। তুলিৰামে বিজেপিৰ যিসকলক কৰ্মীক অতি সাধাৰণ ঠিকা-ঠুকলি আদি দিছিল তেওঁলোকৰো ঠিকাৰ ধন আজিলৈকে মোকলাই দিয়া নাই বুলি জানিব পৰা গৈছে। কেৱল সেই নহয়, তুলিৰামে নিবিদা বিহীনভাবেই নিজৰ আপোন মানুহক কাম দি কাম নকৰাকৈয়েই ধন সৰোকোৱা বুলিও গুৰুতৰ অভিযোগ উত্থাপন হৈ আহিছে। এনেবোৰ কথাই কাৰ্বিভূমিত দিনক দিনে তুলিৰামৰ জনপ্ৰিয়তা কমাই আনিছে বুলি এতিয়া কাৰ্বি পাহাৰত হাটে-বজাৰে, পথে-ঘাটে সকলোৱে আলোচনা কৰিবলৈ লোৱা পৰিলক্ষিত হৈছে। তুলিৰামৰ স্বজন-তোষণ তথা দুৰ্নীতিৰ বহু তথ্য আহি আমাৰ হাতত পৰিছে। আমি পৰ্যায়ক্ৰমে ৰাইজৰ আগত উদঙাম সেই কেলেংকাৰী আৰু অনিয়মৰ তথ্য। তুলিৰামে কোনটো বিভাগত কি দুৰ্নীতি তথা অনিয়ম সংঘটিত কৰিছিল, কেনেকৈ আঁচনিৰ ধন সৰকাইছিল সকলো তথ্যই আমি ফাদিল কৰিম। যি তথ্য ফাদিলৰ পিছতে কাৰ্বি ভূমিৰ লগতে দিছপুৰতো নিঃসন্দেহে বৰভূঁইকঁপৰ সৃষ্টি হ’ব পাৰে। অপেক্ষা কৰক মাথো আমাৰ দ্বিতীয় প্ৰতিবেদনলৈ

Leave A Reply

Your email address will not be published.