Breaking

ভাৰতত প্ৰৱেশ কৰা ৩ বাংলাদেশী নাগৰিকক গ্ৰেপ্তাৰ ! চেন্নাইলৈ কাম বিচাৰি যোৱাৰ পৰিকল্পনা কৰিছিল তিনিওৱে…

0 27

ভাৰতত প্ৰৱেশ কৰা ৩ বাংলাদেশী নাগৰিকক গ্ৰেপ্তাৰ৷ চেন্নাইলৈ কাম বিচাৰি যোৱাৰ পৰিকল্পনা কৰিছিল তিনিওৱে৷ এজনৰ পৰা উদ্ধাৰ কৰা হৈছে আধাৰকাৰ্ড৷ ইয়াৰে এজনে দ্বিতীয়বাৰৰ বাবে প্ৰৱেশ কৰিছিল ভাৰতত ৷ অসম আৰক্ষীয়ে ধুবুৰীত আটক কৰা ঢাকা ডিভিজনৰ লিপি আখতাৰক বাংলাদেশী কৰ্তৃপক্ষক ঘূৰাই দিয়া হয়।

অনুসন্ধানত প্ৰকাশ পাইছে যে লিপি আখতাৰে ২৪ ঘণ্টাতকৈ অধিক কাল বাছ আৰু নাও যাত্ৰাৰ পাছত ১৮ আগষ্টৰ পুৱতি নিশা দক্ষিণ শালমাৰাৰ সুখচৰত খোজকাঢ়ি ভাৰতীয় ভূখণ্ডত প্ৰৱেশ কৰিছিল। সুখচৰৰ এটা ঘৰত আশ্ৰয় লোৱাৰ অন্তত নাৱেৰে ধুবুৰীলৈ গৈছিল, য’ত অসম আৰক্ষীৰ হাতত ধৰা পৰে৷

আকৌ যোৱা নিশা অসম আৰক্ষীয়ে ত্ৰিপুৰা হৈ ভাৰতত প্ৰৱেশ কৰা তিনিজন বাংলাদেশী নাগৰিকক আটক কৰে। লোককেইজন হৈছে ৰাজশ্বাহী জিলাৰ আখিলা গাঁৱৰ আব্দুল আদুদৰ পুত্ৰ আবু ছাইদ, ৰাজশ্বাহী জিলাৰ গোদাগৰী গাঁৱৰ প্ৰয়াত আতাবুৰ ৰহমানৰ পুত্ৰ আছাদুল ইছলাম আৰু ৰাজশ্বাহী জিলাৰ গোদাগৰী গাঁৱৰ সতাবুৰ ৰহমানৰ পুত্ৰ মহম্মদ সৰৱাৰ। তেওঁলোকে চেন্নাইলৈ যোৱাৰ উদ্দেশ্য লৈছিল। অসম আৰক্ষীৰ প্ৰচেষ্টাত তেওঁলোকক বাংলাদেশলৈ ঘূৰাই পঠিওৱা হয়।

Leave A Reply

Your email address will not be published.