Breaking

কৃষ্ণকান্ত সন্দিকৈ চৰকাৰী সংস্কৃত মহাবিদ্যালয়ত সংস্কৃত দিৱস আৰু ৰাখী বন্ধন উদযাপন…

0 19

গুৱাহাটীৰ জালুকবাৰীস্থিত কৃষ্ণকান্ত সন্দিকৈ চৰকাৰী সংস্কৃত মহাবিদ্যালয়ত ১৯ আগষ্টত সংস্কৃত দিৱস আৰু ৰাখী বন্ধন উদযাপন কৰা হয়। সংস্কৃত দিৱসৰ লগত সংগতি ৰাখি মহাবিদ্যালয়ত গীতা শ্লোক আবৃত্তি, দীপ প্ৰজ্বলন মন্ত্ৰ আৰু সংস্কৃত হাতৰ আখৰ লিখা প্ৰতিযোগিতা অনুষ্ঠিত হয় ।

এই উপলক্ষে মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত সভাখনত সভাপতিত্ব কৰে মহাবিদ্যালয়ৰ অধ্যক্ষা ডঃ বন্দনা সন্দিকৈয়ে । সভাত মুখ্য অতিথি হিচাপে মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষা ডঃ বিনীতা ভাগৱতীয়ে ভাগ লৈ ৰক্ষা বন্ধনৰ ওপৰত সাৱলীল বক্তৃতা প্ৰদান কৰে।

মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সভাপতি তথা অধ্যাপিকা ডঃ অৰুন্ধতী গোস্বামীয়ে সংস্কৃত দিৱসৰ তাৎপৰ্য্য দাঙি ধৰে । সভাত জিজ্ঞাসী শইকীয়াই এটা সংস্কৃত গীতত নৃত্য , কৰিণা চমুৱাই এটা সংস্কৃত গীত পৰিৱেশন কৰাৰ লগতে অংকুৰ শইকীয়াই যোগ প্ৰদৰ্শন কৰি সকলোকে আপ্লুত কৰে।

Leave A Reply

Your email address will not be published.