Breaking

ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ প্ৰাক্তন সংঘচালক বৈকুণ্ঠ চেতিয়াৰ মৃত্যু…

0 73

বিশ্ব হিন্দু পৰিষদৰ খানাপাৰা প্ৰখণ্ডৰ মুখ্য উপদেষ্টা তথা ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ মাধৱ নগৰৰ প্ৰাক্তন সংঘচালক বৈকুণ্ঠ চেতিয়াৰ আজি পুৱা ৬-৪৫ বজাত গুৱাহাটীৰ ডাউন টাউন হাস্পতালত মৃত্যু হয়। ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ বিবিধ সংগঠন সংস্কৃত ভাৰতী, সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰ, সহকাৰ ভাৰতীৰ স্বীকৃতিপ্ৰাপ্ত আয়ুষ্কাম বহুমুখী সমবায় সমিতি লিমিটেডৰ সৈতে জড়িত চেতিয়াৰ মৃত্যুৰ সময়ত বয়স হৈছিল ৮১ বছৰ।

খণ্ড উন্নয়ন বিষয়া হিচাপে অৱসৰ গ্ৰহণ কৰাৰ পাছত গুৱাহাটীৰ পাঞ্জাবাৰীত স্থায়ীভাৱে থাকিবলৈ লোৱা ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ প্ৰবীণ স্বয়ংসেৱকগৰাকী বেচৰকাৰী সংগঠন নিউ হ’ৰাইজনসহ অঞ্চলটোৰ বিভিন্ন সামাজিক অনুষ্ঠানৰ সৈতে জড়িত আছিল। চেতিয়াৰ মৃত্যুত বিশ্ব হিন্দু পৰিষদৰ খানাপাৰা প্ৰখণ্ডৰ সভাপতি প্ৰভাত চন্দ্ৰ

ঠাকুৰীয়া, পৰিষদৰ বাঘৰবৰী খণ্ডৰ উপ-সভাপতি ৰুমী দেৱী, বতাহঘূলী খণ্ডৰ উপ-সভাপতি মাকন ঠাকুৰীয়া, পাঞ্জাবাৰী খণ্ডৰ সভাপতি চন্দ্ৰকান্ত বৰ্মন, অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ প্ৰাক্তন জিলা কাৰ্যকৰ্তা ৰঞ্জন কুমাৰ চক্ৰৱৰ্তী, ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ মাধৱ নগৰৰ কাৰ্যবাহ বুদ্ধি প্ৰসাদ খনাল প্ৰমুখ্যে বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে শোক প্ৰকাশ কৰে ।

Leave A Reply

Your email address will not be published.