Breaking

গোগামুখৰ মিংমাঙত মিচিং পৰিষদৰ প্ৰতিশ্ৰুতি-প্ৰতিফলন- পৰিকল্পনা সমাৰোহ

0 42

দৈনন্দিন বাৰ্তাৰ সেৱা, গোগামুখ, ২০ আগষ্টঃ মিচিং স্বায়ত্তশাসিত পৰিষদৰ পৰিষদীয় সমষ্টি ৪০ খনলৈ বৃদ্ধি হ’ব ৷ পূৰ্বে পৰিষদৰ পৰিষদীয় সমষ্টি ৩৬ খন আছিল ৷ আগন্তুক পৰিষদৰ নিৰ্বাচন আগে আগে পৰিষদৰ সমষ্টি ৪০ খনলৈ বৃদ্ধি পাব ৷ ১৬ ছেপ্টেম্বৰৰীত পৰিষদৰ সীমা নিৰ্ধাৰণ সম্পূৰ্ণ হ’ব আৰু ইয়াৰ পাছত ভোটাৰৰ খচৰা সংশোধন কৰা হ’ব ৷ আজি মিচিং স্বায়ত্তশাসিত পৰিষদৰ ১৭ নং মিংমাং পৰিষদীয় সমষ্টিৰ প্ৰতিশ্ৰুতি, প্ৰতিফলন আৰু পৰিকল্পনা অনুষ্ঠানত উপস্থিত থাকি মিচিং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েঙ্গীয়াই এই গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায় ৷ ধেমাজি জিলাৰ গোগামুখ মিংমাঙৰ তাক্কৃৰ উচ্চ মাধ্যমিক বিদ্যালয় তথা ৰাজহুৱা খেলপথাৰত অনুষ্ঠিত হোৱা অনুষ্ঠানত তেওঁ লগতে কয়- সীমা নিৰ্ধাৰণ শেষ হোৱাৰ পাছতে পৰিষদৰ নিৰ্বাচন অনুষ্ঠিত হ’ব ৷ সন্মিলিত গণশক্তি অসম দলে সৰ্বাধিক আসনত প্ৰতিদ্বন্দিতা কৰিব আৰু মিত্ৰ দলসমূহক এখন বা দুখন আসন এৰি দিয়া হ’ব ৷ মিচিং স্বায়ত্তশাসিত পৰিষদৰ উন্নয়নমূলক আঁচনি সম্পৰ্কত তেওঁ কয়- মিচিং স্বায়ত্তশাসিত পৰিষদৰ গণতান্ত্ৰিকভাৱে নিৰ্বাচিত পৰিষখনে দায়িত্বভাৰ লোৱা ১০ বছৰ অতিক্ৰম কৰিলে ৷

এই দহ বছৰীয়া কাৰ্যকালত পৰিষদে কি কি উন্নয়নমূলক আঁচনি ৰূপায়ন কৰিলে তাক ৰাইজক অৱগত কৰিবলৈ প্ৰতিশ্ৰুতি, প্ৰতিফলন আৰু পৰিকল্পনা কাৰ্যসূচী লোৱা হৈছে ৷ আমি ৰাইজক দিয়া প্ৰতিশ্ৰুতিবোৰ প্ৰতিফলন হৈছেনে নাই  আৰু আগন্তুক ৫ বছৰীয়া কাৰ্যকালত আমি কি পৰিকল্পনা কৰিছোঁ তাক ৰাইজৰ লগত আলোচনা কৰিবৰ বাবে পৰিষদৰ ৩৬ খন সমষ্টিত এনেধৰণৰ কাৰ্যসূচী গ্ৰহণ কৰিছোঁ ৷ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সব্‌কা সাথ সব্‌কা বিকাশ নীতিৰ আধাৰ মিচিং স্বায়ত্তশাসিত পৰিষদে কাম কৰি গৈছে আৰু এইক্ষেত্ৰত অসম চৰকাৰৰ পৰাও আমি সহযোগিতা লাভ কৰিছোঁ ৷ জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে পৰিষদে কাম কৰি গৈছে আৰু পৰষদখনক এক আদৰ্শ স্বায়ত্তশাসিত পৰিষদ হিচাপে গঢ়িবলৈ যত্ন কৰিছোঁ ৷ পৰিষদৰ ফালৰ পৰা শিক্ষা, ক্ৰীড়া, মীন, বয়নশিল্প, কৃষি,  উদ্যান শস্য আদিৰ ক্ষেত্ৰত পৰিষদে ব্যাপকহাৰত আঁচনি ৰূপায়ন কৰিছে ৷ যিবোৰ আঁচনিসমূহত প্ৰশিক্ষণৰ  প্ৰয়োজনীয়তা অধিক উক্ত আঁচনি সমূহত আমি প্ৰথমে বিনমূলীয়া প্ৰশিক্ষণৰ ব্যৱস্থা কৰোঁ প্ৰশিক্ষন শেষ হোৱাৰ পাছত যোগ্যতা অনুযায়ী তেওঁলোকক  উদ্‌গনিমূলক আৰ্থিক সাহায্য দি স্বাৱলম্বিতাৰ পথ মুকলি কৰি দিওঁ ৷ একেদৰে দক্ষতা বিকাশ আৰু হোটেল মেনেজমেণ্টটো আমি গুৰুত্ব দিছোঁ ৷

পৰিষদৰ গোগামুখ চেতিয়াগাঁও স্থিত চৌহদত পৰিষদে নিজা ট্ৰেইনিং চেন্টাৰ খুলি প্ৰখ্যাত নিৰ্মাতা সংস্থা লাৰছেন এণ্ড ট্ৰাব্‌ৰ’ চমুকৈ এল এণ্ড টিৰ লগত বুজাপৰা কৰি শতাধিক নিৱনুৱাক পকা মিস্ত্ৰী আৰু টাইল্‌ছ্‌ মিস্ত্ৰীৰ প্ৰশিক্ষণ বিনামূলীয়াকৈ দি আছোঁ ৷ একেখন চৌহদতে হোটেল মেনেজমেন্টৰ বাবে দুই শতাধিক নিৱনুৱাক বিনামূলীয়া বৰ্তমান প্ৰশিক্ষণ দি আছোঁ আৰু তাৰ আগৰ দলটো ইতিমধ্যে বহুকেইখন নামী-দামী হোটেলত কৰ্ম সংস্থাপন লাভ কৰিছে ৷  ৰাইজে পূৰ্বৰ দহ বছৰৰ দৰে সমৰ্থন কৰিলে আগন্তুক ৫ বছৰত পৰিষদে অধিক উন্নয়নমুখী আঁচনি ৰূপায়ন কৰিব বুলি মুখ্য কাৰ্যবাহী সদস্য চায়েঙ্গীয়াই মন্তব্য আগবঢ়ায় ৷ অনুষ্ঠানত উপস্থিত থাকি টি এম পি কেৰ কেন্দ্ৰীয় সদস্য সঞ্জীৱ মিলিয়ে কয়- মই মিংমাঙৰ সাধাৰণ যুৱক হিচাপে মিচিং স্বায়ত্তশাসিত পৰিষদক লৈ এইটো অনুভৱ কৰোঁ যে, পৰিষদে  বিগত দহ বছৰত সকলো জাতি-জনগোষ্ঠীক একেলগে হাত মিলাইছে আৰু সকলো জাতি-জনগোষ্ঠীৰ বাবে সমানে কাম কৰিছে ৷ পৰিষদখনে বিগত দহ বছৰত ৰাইজক যি প্ৰতিশ্ৰুতি দিছিল এইটো সুন্দৰ ৰূপত প্ৰতিফলিত হৈছে ৷ শিক্ষা, চিকিৎসা, যোগাযোগ, কৃষি, লোকনিৰ্মাণ বিভাগত পৰিষদে আশানুৰূপভাৱে আগবাঢ়িছে ৷ আগন্তক ৫ বছৰীয়া   পৰিষদখনে যদি কি কৰিব বুলি মোক প্ৰশ্ন কৰে তেন্তে পৰিষদক মই এইটো আহ্বান জনাম যে ৰাইজে পৰিষদখনৰ পৰা যিটো সমস্যা  সমাধানৰ প্ৰয়োজন বুলি ভাৱে  প্ৰথমে উক্ত সমস্যাৰ ওপৰত আঁচনি গ্ৰহণযোগ্যতাৰ ওপৰত নিৰূপন কৰি ৰাইজৰ সহযোগত ৰূপায়ন কৰিব লাগে ৷ আজিৰ অনুষ্ঠানটোৰ আদৰণি ভাষণ দিয়ে এম এম কেৰ জেষ্ঠ কৰ্মী অৰুণ মৰাঙে ৷ অনুষ্ঠানত উপস্থিত থাকে টি এম পি কেৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক চান কুমাৰ পাংগিং, সহকাৰী সম্পাদক হৰিচন্দ্ৰ কামান, এম এ চিৰ গোগামুখ পৰিষদীয় সমষ্টিৰ সাধাৰণ সদস্য ৰাজু পেগু, গণশক্তিৰ ধেমাজি জিলা সমিতিৰ সভাপতি দিব্যজ্যোতি ভৰালী, এম এম কেৰ কেন্দ্ৰীয় সদস্য দিপেন দলে, বিজেপিৰ গোগামুখ মণ্ডলৰ সম্পাদক দিলীপ পেগু, অগপৰ কেন্দ্ৰীয় সদস্য ফণী দলে আদিৰ লগতে সহস্ৰাধিক ৰাইজে ৷ উল্লেখনীয় যে, বিগত দহ বছৰত মিংমাং পৰিষদীয় সমষ্টিত মুঠ ২৫০ টা আঁচনি ৰূপায়ন কৰা হৈছে ৷

Leave A Reply

Your email address will not be published.