Breaking

শিৱসাগৰত দল-সংগঠনৰ প্ৰতিবাদক লৈ বিধায়ক অখিল গগৈৰ প্ৰতিক্ৰিয়া…

0 32

শিৱসাগৰত দল-সংগঠনৰ প্ৰতিবাদক লৈ বিধায়ক অখিল গগৈৰ প্ৰতিক্ৰিয়া । এতিয়ালৈকে ৩ জনক গ্ৰেপ্তাৰ কৰিছে, কিন্তু আন ২ জনকো গ্ৰেপ্তাৰ কৰি Pocso আইনৰ ধাৰা লগাব লাগে। জিমি দাস আৰু পৰিয়ালক কিনিবলৈ একাংশ দালালে চেষ্টা চলাইছে। জিমি দাসক অত্যাচাৰ চলোৱা দোষীক শাস্তি দিব লাগে। জিমি দাসৰ পৰিয়ালক ক্ষতিপূৰণ হিচাপে ২০ লাখ টকাৰ ক্ষতিপূৰণ দিব লাগে। দল-সংগঠনে দিয়া ৩ টা প্ৰস্তাৱক আদৰণি অখিল গগৈৰ।

থলুৱা মানুহৰ মাটি বহিৰাগতই ক্ৰয় কৰিব নোৱাৰিব বুলি লোৱা প্ৰস্তাৱক আদৰণি। প্ৰতিটো ব্যক্তিগত প্ৰতিষ্ঠানত ৯০ শতাংশ খিলঞ্জীয়া কৰ্মচাৰীৰ নিযুক্তিৰ প্ৰস্তাৱক আদৰণি।সকলো দোকান-পোহাৰত অসমীয়া ভাষাত নাম-ফলক কথাটো বাধ্যতামূলক কৰাৰ প্ৰস্তাৱক আদৰণি। শৃংখল চলিহাই অকলে আন্দোলন কৰা নাই, গতিকে কেৱল তেওঁৰ বিৰুদ্ধে কিয় গোচৰ দিছে?

এনেকুৱা স্পৰ্শকাতৰ সময়ত গোচৰ দি সংঘাত বৃদ্ধিহে কৰিব। গৌৰৱ সোমানীয়ে গোচৰ দিয়া কাৰ্যক নিন্দা। গোচৰটো দিয়াৰ পিছত আলফা (স্বা)য়ে ভাবুকি দিলে, আলফা (স্বা)ৰ ভাবুকিৰ পিছত আকৌ গোচৰ উঠাই ল’লে। তেন্তে চৰকাৰখনৰ অস্তিত্ব ক’ত গ’ল? গৃহমন্ত্ৰীয়ে ইয়াৰ বাবে পদত্যাগ কৰিব লাগে।

Leave A Reply

Your email address will not be published.