Breaking

গুৱাহাটীৰ কৃত্ৰিম বানপানীৰ আঁৰত ইউ এছ টি এম ! বৰষুণৰ মাজতে নমাইলত গৈ পৰিস্থিতিৰ বুজ ললে জি এম ডি এৰ অধ্যক্ষ আৰু জি এম চিৰ মেয়ৰে…

0 29

গুৱাহাটী মহানগৰীৰ কৃত্ৰিম বানপানীৰ বাবে গুৱাহাটীৰ গাতে লাগি থকা মেঘালয়ৰ নমাইলত থকা ইউ এছ টি এমৰ ফ্লাড জেহাদ বুলি কিছুদিন পূৰ্বে অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিল। মুখ্যমন্ত্ৰীৰ এই ঘোষণাৰ পাছত ৰাজ্যজুৰি বিভিন্ন দল – সংগঠনে সপক্ষে – বিপক্ষে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল। ইফালে গুৱাহাটী মহানগৰীত পুৱতি নিশাৰে পৰা হোৱা নেৰানেপেৰা বৰষুণৰ বাবে যোৰাবাটৰ পৰা খানাপাৰালৈ ৰাষ্ট্ৰীয় ঘাইপথ , ছয়মাইলৰ পৰা পাঞ্জাবাৰী সংযোগী পথ , হাতীগাওঁ পথকে ধৰি এক বিস্তীৰ্ণ অঞ্চল কৃত্ৰিম বানপানীৰ কৱলত পৰে ।

আনহাতে মুখ্যমন্ত্ৰীৰ নিৰ্দেশত মহানগৰীৰ বিভিন্ন স্থানত হৈ থকা কৃত্ৰিম বানপানী ৰোধ কৰা আৰু এই বানপানী হোৱাৰ ক্ষেত্ৰত ইউ এছ টি এমৰ কেনে ধৰণৰ ভূমিকা আছে তাক স্বচক্ষে প্ৰত্যক্ষ কৰাৰ বাবে বিয়লি নমাইলত গৈ উপস্থিত হয় গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়া আৰু গুৱাহাটী মহানগৰ উন্নয়ন কৰ্তৃপক্ষৰ অধ্যক্ষ নাৰায়ণ ডেকাৰ নেতৃত্বত এটা দল । দলটোত পৌৰ নিগমৰ দিছপুৰ সংমণ্ডলৰ কাৰ্য্যবাহী অভিযন্তা হিৰণ্য কুমাৰ

হাজৰিকা,পাৰিষদ অসীম কুমাৰ শইকীয়াকে ধৰি জি এম চি, জি এম ডি এৰ কেবাজনো বিষয়া – অভিযন্তা উপস্থিত থাকে। দলটোৱে তাত ইউ এছ টি এমৰ পৰা অহা পানীয়ে কেনেদৰে গুৱাহাটী মহানগৰীত কৃত্ৰিম বানপানীৰ সৃষ্টি কৰে সেই সন্দৰ্ভত পৰ্যবেক্ষণ কৰে। অৱশ্যে এই পৰ্যবেক্ষণৰ পাছত চৰকাৰে গুৱাহাটীৰ কৃত্ৰিম বানপানীৰ সমস্যাটো কেনে ধৰণে সমাধান কৰে সেয়া লক্ষণীয় হব। জানিব পৰা মতে পৌৰ নিগমৰ মেয়ৰ আৰু জি এম ডি এৰ অধ্যক্ষই শীঘ্ৰে মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰি এই সন্দৰ্ভত প্ৰতিবেদন দাখিল কৰিব।

Leave A Reply

Your email address will not be published.