Breaking

মুকালমুৱাৰ লোহাৰকাঠাত নিশা চোৰাং গৰু সহ এখন চাৰিচকীয়া বাহন জব্দ ! গৰু সহ বাহন এৰি পলায়ন চোৰৰ দলৰ…

0 22

মুকালমুৱাৰ লোহাৰকাঠাত নিশা চোৰাং গৰু সহ এখন চাৰিচকীয়া বাহন জব্দ।
গৰু সহ বাহন এৰি পলায়ন চোৰৰ দলৰ।

মুকালমুৱাৰ লোহাৰকাঠাত নিশা গৰু ভৰ্তি এখন চাৰিচকীয়া বাহন জব্দ কৰে মুকালমুৱাৰ তহলদাৰী আৰক্ষীয়ে। নিশা প্ৰায় ১ মান বজাত এখন মাৰুটি চুইফট বাহন এখনত তিনিটাকৈ গৰু চুৰি কৰি আনি থকা অৱস্থাত আদাবাৰী পহৰা চকীৰ আইচি প্ৰকাশ কপহুৱাৰ নেতৃত্বত তহলদাৰী আৰক্ষীৰ দলটোৱে জব্দ কৰিবলৈ সক্ষম হয়।

তহলদাৰি আৰক্ষীক দেখি গৰু সহ বাহন এৰি পলায়ন কৰে গৰু চোৰৰ দলটোৱে। পিছত বাহন বাহন খনৰ ভিতৰৰ পৰা তিনিটাকৈ চোৰাং গৰু আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হয় । পৰৱৰ্তী সময়ত আৰক্ষীয়ে গৰু সহিতে বাহনখন আদাবাৰী পহৰা চকীলৈ নিয়ে।

জব্দকৃত বাহন খনৰ নম্বৰ AS 01 FA 2207. আৰক্ষী সূত্ৰে আৰু স্থানীয় ৰাইজৰ সন্দেহ চোৰাং গৰু সমূহ লোহাৰকাঠা,আদাবাৰী,ঘোগাৰ একাংশ অবৈধ মাংসৰ ব্যৱসায়ীৰ হাতত নিশা বিক্ৰী কৰে।

Leave A Reply

Your email address will not be published.