Breaking

সৰুপথাৰত ঝুমুইৰ নৃত্য ঢোল বাদন কৰ্মশালা

0 52

অসম চাহ জনজাতি ছাত্ৰ সন্হা , অসম চাহ জনজাতি মহিলা জনজাতি মহিলা সমিতিৰ সৰুপথাৰ শাখাৰ উদ্যোগত ৬ দিনীয়া চাহ জনজাতি সকলৰ জীৱনশৈলীৰ আয়ুসৰেখা ঝুমুইৰ নৃত্য আৰু ঢোল বাদন কৰ্মশালা আয়োজন কৰিছে ৷

সৰুপথাৰৰ নলনী পথাৰত ২০ আগষ্টৰ পৰা ২৫ আগষ্টলৈকে আয়োজন কৰা কৰ্মশালা প্ৰথম দিনাৰ কাৰ্যসুচীৰ কৰ্মশালাৰ মঞ্চ মুকলি কৰে সদৌ অসম চাহ জনজাতি ছাত্ৰ সন্হাৰ কেন্দ্ৰীয় সমিতিৰ সাংস্কৃতিক সম্পাদক মহেশ্বৰ গোৱলাই , আটছাৰ প্ৰতিষ্ঠাপক সভাপতি চাইমন সিং হৰৰ প্ৰতিচ্ছবিত মাল্যাপন ও বন্তি প্ৰজ্বলন কৰে সৰুপথাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষয়ত্ৰী প্ৰমিলা ঘাটোৱাৰ গঞ্জুৱে

আটছা সৰুপথাৰ শাখাৰ মুখ্য উপদেষ্টা মিলন ৰাজপুট , আটছাৰ বৰপথাৰ শাখাৰ সম্পাদক অতুল ভুমিছ , গোলাঘাট জিলা চাওতাল ছাত্ৰ সন্হাৰ সভাপতি প্ৰদীপ হেমৰম , প্ৰাক্তন আটছাকৰ্মী ননীৰাম তাঁতী , সমাজকৰ্মী ৰাজেন তাঁতী , চাহজনজাতি সাহিত্য সভাৰ উপ সভাপতি পৰশুৰাম তাঁতি , সম্পাদিকা অনিমা ভুক্তা কাঁৱাৰ , আটছাৰ সম্পাদক সোনাৰাম গঞ্জু , সহাকাৰী সম্পাদক অপূৰ্ব উৰাং , সাংগঠনিক সম্পাদক দুলাল গঞ্জু , আটুৱাৰ মহিলা সমিতিৰ সৰুপথাৰ শাখাৰ সভানেত্ৰী জুনমনি গোৱলাৰ ওপৰিউ ভালেসংখ্য চাহজনজাতি ৰাইজৰ উপস্হিতিত শতাধিক চাহ জনজাতি যুৱক যুৱতী সকলে প্ৰক্ষিশক ননিৰাম গোৱলাৰ নেতৃত্বত ঝুমুইৰ নৃত্য আৰু ঢোলবাদন প্ৰদৰ্শন কৰে ৷

Leave A Reply

Your email address will not be published.