Breaking

গোৱালপাৰাত চিএম ভিজিলেঞ্চৰ জালত সমবায় সমিতিৰ পঞ্জীয়ক বৰবাবু প্ৰবীণ মুছাহাৰী।

0 28

অসমৰ বিজেপি নেত্ৰীতাধীন চৰকাৰ খনে দুৰ্নীতিৰ বিৰুদ্ধে জেহাদ ঘোষণা কৰাৰ পিছতে ৰাজ্যৰ বিভিন্ন বিভাগৰ ৪ৰ্থ বৰ্গৰ পৰা আৰাম্ভ কৰি বহু বিষয়া কৰ্মচাৰী ইতিমধ্যে চি এম ভিজিলেঞ্চৰ জালত পৰা পৰিলক্ষিত হৈছে, জিলাখনত সাৰি যাব পৰা নাই আৰক্ষী বিষয়া।তেনে সময়ত এইবাৰ লক্ষীপুৰ অঞ্চলৰ এখন মীন সমবায় সমিতিৰ পঞ্জীয়নৰ নামত উৎকোচ লৈ থাকোতে চিএম ভিজিলেন্সৰ দলে গ্ৰেপ্তাৰ কৰে

গোৱালপাৰা স্থিত সহকাৰী পঞ্জীয়কৰ কাৰ্যালয়ৰ , সমবায় সমিতি সমুহ গোৱালপাৰাৰ বৰবাবু প্ৰবীণ মুছাহাৰীক। নিব

লক্ষীপুৰৰ বাসিন্দা তথা জ্ঞানী লাল মাল্লা নামৰ এগৰাকী ভুক্তভোগীয়ে জানিব দিয়ে যে, দীৰ্ঘদিনৰ ধৰি এইগৰাকী দুৰ্নীতিৰ সম্ৰাট মুছাহাৰীয়ে ভাই ভনী হাতোগাওঁ মীন মহল কো: অপাৰেটিভ ছোছাইটি পঞ্জীয়নৰ নামত হাৰাশাস্তি কৰি আহিছিল।

উল্লেখ্য যে এই সমিতি খনৰ আজিৰ পৰা দুমাহ পূৰ্বেই অন লাইন যোগে পঞ্জীয়ন কৰা হৈছিল যদিও কিন্ত দুৰ্নীতিত লুটুৰি পুতুৰি হৈ থকা এই গৰাকী মুছাহাৰীয়ে অতি চলনাৰে সমিতি খনৰ পৰা সমস্ত নথি পত্ৰ আত্মসাত কৰে। পৰৱৰ্তী সময়ত সেই নথি পত্ৰ সমুহৰ নামত পঞ্চাছ হেজাৰ টকা দাবী কৰে বিষয়া গৰকীয়ে।

এইদৰে প্ৰায় দুমাহ মান অতিক্ৰম কৰাৰ পিছত আজি ভুক্তভোগী জ্ঞানী লাল মাল্লাই যেতিয়া কাৰ্যালয় লৈ আহে তেতিয়া পঞ্জীয়নৰ নামত পুৰ্বতে দাবী কৰা ধন দিবলৈ অহাত মুছাহাৰীক টকা খিনি দিওঁতে পুৰ্বতে খাপ পিটি থকা চি এম ভিজিলেঞ্চৰ দলে হাতে লটে বৰবাবু প্ৰবীণ মুছাহাৰীক আটক কৰে। প্ৰায় ৭ ঘন্টা জেৰাৰ অন্তত চি এম ভিজিলেঞ্চৰ দলটোৱে মুছাহাৰীক আটক কৰি গুৱাহাটীলৈ তথা চি এম ভিজিলেঞ্চৰ কাৰ্যালয়লৈ লৈ যায়।

Leave A Reply

Your email address will not be published.