Breaking

মৰিগাঁৱত ভাৰত চৰকাৰৰ মহিলা আৰু শিশু উন্নয়ন বিভাগৰ ৰাজ্যিক মন্ত্ৰী সাবিত্ৰী ঠাকুৰ…

0 32

ভাৰত চৰকাৰৰ মহিলা আৰু শিশু উন্নয়ন বিভাগৰ ৰাজ্যিক মন্ত্ৰী সাবিত্ৰী ঠাকুৰে শুকুৰবাৰে মৰিগাঁও জিলাৰ কৃষিখণ্ড পৰিদৰ্শন কৰে। মন্ত্ৰীগৰাকীয়ে প্ৰথমে জিলা কৃষি বিভাগৰ অধীনৰ মানিপুৰস্থিত ইয়াংলী কৃষক উৎপাদক কোম্পনীৰ কাৰ্যালয়ত উপস্থিত হৈ জিলা কৃষি বিভাগৰ নৱতন সংযোজন “কৃষি-কেঁচুসাৰ-পৰ্যটন”ৰ শুভাৰম্ভণি কৰি কৃষি বিভাগে গ্ৰহণ কৰা এই যুগান্তকাৰী পদক্ষেপৰ শলাগ লয়। ইয়াৰ পিছতে মন্ত্ৰীগৰাকীয়ে বিভাগীয় বিষয়া কৰ্মচাৰী সকলৰ উপস্থিতিত কৃষক উৎপাদক কোম্পানীটোৰ বিষয় ববীয়া আৰু সদস্য তথা কৃষক ৰাইজৰ সৈতে এক মতবিনিময় অনুষ্ঠানত মিলিত হয়। উক্ত অনুষ্ঠানত মন্ত্রী গৰাকীয়ে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ দ্বাৰা ৰূপায়িত বিভিন্ন ধ্বজাবাহী আচঁনিৰ ৰূপায়ন সন্দৰ্ভত পৰ্যালোচনা কৰাৰ লগতে ইয়াৰ দ্বাৰা কৃষক ৰাইজ কেনেদৰে উপকৃত হৈছে,

প্ৰকৃতাৰ্থত কৃষক ৰাইজে আঁচনিৰ সুবিধা লাভ কৰিছেনে নাই, চলি থকা প্ৰকল্পসমূহৰ অগ্ৰগতি, কৃষিখণ্ড বিকাশৰ পদক্ষেপ ৰূপায়ণৰ ক্ষেত্ৰত জিলাখনে সন্মুখীন হোৱা প্ৰত্যাহ্বানসমূহ, কৃষক ৰাইজৰ উন্নতিৰ বাবে কৌশল আৰু ভৱিষ্যত পৰিকল্পনা আদি বিষয়ত পুংখানুপুংখ ভাৱে পৰ্যালোচনা কৰে। অনুষ্ঠানত মন্ত্ৰীগৰাকীক “কৃষি-কেঁচুসাৰ- পৰ্যটন” সন্দৰ্ভত প্ৰস্তুত কৰা তথ্য চিত্ৰ প্ৰদৰ্শন কৰাৰ লগতে বৃক্ষ ৰূপন কাৰ্যসূচী ৰূপায়ন কৰা হয়। এই ক্ষেত্ৰত চৰকাৰৰ ফালৰ পৰা সহায় সহযোগিতাৰ আশ্বাস প্ৰদান কৰে মন্ত্ৰীগৰাকীয়ে। ইয়াৰ পিছত ইয়াংলী কৃষক উৎপাদক কোম্পানীটোৱে কৃষি বিভাগৰ পৰা লাভ কৰা Custom Hiring Centreত উপস্থিত হৈ আধুনিক কৃষি সজুলিসমূহ,

কেঁচুসাৰ প্ৰস্তুত কৰা প্ৰক্ৰিয়া, ঔষধি উদ্ভিদৰ নাৰ্চাৰী পৰিদৰ্শন কৰে। ইয়াৰ পিছতে কৃষক উৎপাদক কোম্পানীটোৰ মহিলা কৃষক সদস্য সকলে প্ৰস্তুত কৰা কেঁচুসাৰৰ ইউনিট পৰিদৰ্শন কৰাৰ লগতে শিপিনী সকলৰ দ্বাৰা উৎপাদিত তাত শালৰ প্ৰকল্প পৰিদৰ্শন কৰে। মন্ত্ৰীগৰাকীয়ে মহিলা সকলক উৎসাহিত কৰাৰ লগতে ইয়াৰ দ্বাৰা কৃষি খণ্ড অধিক আগবাঢ়ি যোৱাৰ লগতে মহিলা সকলে স্বাৱলম্বীতাৰ উৎকৃষ্ট নিৰ্দশন দাঙি ধৰা বুলি মন্তব্য কৰে। মৰিগাঁও পৰিদৰ্শনৰ সময়চোৱাত মন্ত্ৰীদ্বয়ক জিলা আয়ুক্ত দেৱাশীষ শৰ্মা, জিলা কৃষি বিষয়া অশোক কুমাৰ শৰ্মা, সহকাৰী কৃষি সঞ্চালক তপন কুমাৰ ব্ৰহ্ম, মহকুমা কৃষি বিষয়া মেহেদী আৰিফ হুছেইন, জিলা কৃষি বিভাগৰ বিষয়া কৰ্মচাৰী সকলৰ লগতে জিলা প্ৰশাসনৰ শীৰ্ষ বিষয়া, বিভাগীয় মূৰব্বী বিষয়া কৰ্মচাৰী সকলে সংগ দিয়ে।

Leave A Reply

Your email address will not be published.