Breaking

তুলিকা নৃত্যাঞ্জলি কলাকেন্দ্ৰৰ দ্বি বাৰ্ষিক প্রতিষ্ঠা দিৱসৰ আয়োজন…

0 17

সত্রীয়া, ভাৰত নাট্যম, পাশ্চাত্য আৰু সৃষ্টিশীল নৃত্যকে ধৰি ৰাজ্যৰ পৰম্পৰাগত সংস্কৃতি নতুন প্ৰজন্মৰ বাবে শুদ্ধ ৰূপত উপস্থাপন কৰাৰ লক্ষ্যৰে ২০২২ চনৰ ২৭ মে’ত নৃত্যশিল্পী তুলিকা ভূঞা বৰুৱাৰ বিশেষ উদ্যোগত গঢ় লৈ উঠা তুলিকা নৃত্যাঞ্জলি কলাকেন্দ্রই ২৭ মে’ত দ্বিতীয়টো বৰ্ষ সম্পূৰ্ণ কৰিবলৈ সক্ষম হৈছে।

সেই দ্বিতীয় বৰ্ষৰ প্ৰতিষ্ঠা দিৱসৰ উদযাপনৰ হকে অহা ২৫ আগষ্টৰ দিনা বিয়লি ৪:৩০ বজাৰ পৰা পাঞ্জাবাৰীস্থিত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ চৌহদৰ শ্রীশ্রীমাধৱদেৱ আন্তর্জাতিক প্রেক্ষাগৃহত কলাকেন্দ্ৰই এটি সাংস্কৃতিক সন্ধিয়াৰ অনুষ্ঠানৰ আয়োজন কৰা হৈছে ।

য’ত সেই বিশেষ সন্ধিয়াটোত তুলিকা নৃত্যাঞ্জলি কলা কেন্দ্ৰৰ শীৰ্ষক গীতটো মুকলি কৰাৰ লগতে পদ্মশ্ৰী নৃত্যচাৰ্য্য যতীন গোস্বামীক জীৱনযোৰা সাধনা বঁটাও প্ৰদান কৰা হব আৰু অনুষ্ঠানটোত কলাকেন্দ্ৰৰ শিক্ষার্থীসকলে নৃত্য, গীতকে ধৰি বাৰেৰহনীয়া সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰিব। অনুষ্ঠানটিত তুলিকা নৃত্যাঞ্জলি কলা কেন্দ্ৰৰ পৰিয়ালৰ ফালৰ পৰা সিদিনাৰ অনুষ্ঠানত শুভাকাংক্ষী ৰাইজৰ উপস্থিতি কামনা কৰিছে।

Leave A Reply

Your email address will not be published.