Breaking

নাজিৰাৰ বিহুবৰ ৰংগ মঞ্চত ড্ৰাগছ আসক্ত যুৱকৰ মৃতদেহ উদ্ধাৰ…

0 16

নাজিৰা মহকুমাৰ শৈল নগৰী বিহুবৰ অঞ্চলৰ এটা ৰংগ মঞ্চত এজন যুৱকৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই অঞ্চলটোত ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে । ঘটনা মৰ্মে বিহুবৰ আৰক্ষী থানাৰ সমীপৰ ৰঙাজানৰ নিবাসী আবুল হুছেইনৰ পুত্ৰ আলটাব হুছেইনে কিছুদিন ধৰি ড্ৰাগছ আসক্ত হৈ পৰে । কালি বিয়লি ভাগতে ঘৰৰ পৰা ওলাই অহা যুৱকজন নিশা ঘৰলৈ উভতি নোযোৱাত পৰিয়ালৰ লোকে নিশাটো বিভিন্ন স্থানত বিছাৰি ফুৰোতে বিহুবৰ ৰংগ মঞ্চত

এজন যুৱক পৰি থকা বুলি জানিব পাৰি ওচৰ চাপি আলটাব হুছেইন নামৰ যুৱকজনক চিনাক্ত কৰে । খবৰ পৰা বিহুবৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ পৰিয়ালৰ সহযোগত যুৱকজনৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে জয়সাগৰস্থ শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ।উল্লেখ্য যে বিহুবৰ অঞ্চলত আজি কিছুদিন

ধৰি ড্ৰাগছৰ ৰমৰমীয়া বেহা অব্যহত থকাৰ লগতে বহু যুৱক – যুৱতী ড্ৰাগছ আসক্ত হৈ পৰিছে আৰু ইতিমধ্যে অঞ্চলটোৰ তিনিজন যুৱক ড্ৰাগছ আসক্ত হৈ অকালতে মৃত্যু মুখত পৰিছে । স্থানীয় ৰাইজে অঞ্চলটোৰ পৰা ড্ৰাগছৰ বেহা মুক্ত কৰিবৰ বাবে নাজিৰা উপ – জিলা প্ৰশাসন তথা শিৱসাগৰ জিলা প্ৰশাসন কৰ্তৃপক্ষক দাবী জনাইছে ।

Leave A Reply

Your email address will not be published.