Breaking

শৰীৰত ভিটামিন বি ১২ৰ অভাৱ নেকি? যদি শৰীৰত ৫টা লক্ষণে দেখা দিয়ে তেন্তে সাৱধান…

0 25

ভিটামিন বি ১২ৰ অভাৱৰ পৰিণতি অতি ভয়ানক। যদি আপুনি দৈনিক বি১২ সমৃদ্ধ খাদ্য গ্ৰহণ নকৰে, তেন্তে আপুনি সমস্যাত পৰিব পাৰে। শৰীৰত বি১২ৰ অভাৱত ষ্ট্ৰোক, হাৰ্ট এটেক, স্নায়ুতন্ত্ৰৰ বিসংগতি আদি সমস্যাৰ সৃষ্টি হয়, যাৰ ফলত এজন সুস্থ ব্যক্তিও বিচনাত পৰি থাকিবলগীয়া হ’ব পাৰে।

ৰাতি দেখা পোৱা বি১২ৰ অভাৱৰ ৫টা লক্ষণ-

সাধাৰণতে ভাগৰ লাগিলে শুবলৈ যাওঁতে শৰীৰৰ পেশীত বিষ অনুভৱ কৰে। কিন্তু যদি আপুনি দৈনিক ক্ৰেম্প আৰু পেশীৰ দুৰ্বলতা অনুভৱ কৰি আছে তেন্তে এয়া ভিটামিন বি ১২ৰ অভাৱৰ লক্ষণ হ’ব পাৰে।

যদি ৰাতি অত্যধিক পেটৰ অথবা হজম শক্তিৰ লগত জড়িত সমস্যাৰ সন্মুখীন হয়, তেন্তে ইয়াক একেবাৰেই আওকাণ নকৰিব। গেষ্ট্ৰাইটিছৰ লক্ষণ যেনে বমি, ডায়েৰিয়া, গেছ, কোষ্ঠকাঠিন্য আচলতে বি১২ৰ অভাৱৰ ফল হ’ব পাৰে।

মূৰৰ বিষ এটা অতি সাধাৰণ সমস্যা। এই সমস্যা প্ৰতিদিনে হৈয়েই থাকে। কিন্তু যদি দৈনিক ৰাতি মূৰৰ বিষ হৈ থাকে, তেন্তে ই ভিটামিন বি ১২ৰ লক্ষণো হ’ব পাৰে।

আজিকালি বেছিভাগ মানুহ অনিদ্ৰাৰ সমস্যাই অশান্তি দিছে। শৰীৰত বি১২ৰ অভাৱৰ বাবেও এচ হয়।

Leave A Reply

Your email address will not be published.