Breaking

উজনিৰ লোকে নাপাব মাছ! নামনিৰ পৰা উজনিলৈ মাছ আমদানি বন্ধ কৰিলে নামনি মিঞা মাছ ব্যৱসায়ীয়ে

0 20

মাৰ্ঘেৰিটাৰ মাছৰ বজাৰত জুই লাগিছে। নামনিৰ পৰা উজনিলৈ মাছ আমদানি বন্ধ কৰিলে নামনি মিঞা মাছ ব্যৱসায়ীয়ে। উজনিৰ অসমৰ পৰা মিঞা খেদা অভিযানৰ প্ৰভাৱ এইবাৰ দেখিবলৈ পোৱা গৈছে উজনিৰ মাছৰ বজাৰসমূহত। মাৰ্ঘেৰিটাৰ মাছৰ বজাৰতো পৰিছে ব্যাপক প্ৰভাৱ। বজাৰত নাটনি হৈছে মাছ, বৃদ্ধি পাইছে মাছৰ দাম। উজনিৰ মাছৰ বজাৰসমূহ এক কথাত ক’বলৈ গ’লে নামনিৰ মাছৰ ওপৰতে বহু পৰিমাণে নিৰ্ভৰশীল।

কিন্তু উজনিৰ বহু কেইটা জাতীয় জনগোষ্ঠীয় দল সংগঠনে একত্ৰিত ভাৱে মিঞা খেদা অভিযান আৰম্ভ কৰাত নামনি মিঞা অধ্যুষিত অঞ্চলসমূহৰ পৰা উজনিলৈ মাছ আমদানি কৰাত বাধা সৃষ্টি হৈছে ফলত উজনিৰ বিভিন্ন অঞ্চলৰ লগতে মাৰ্ঘেৰিটাৰ মাছৰ বজাত সৃষ্টি হৈছে এক হাহাকাৰ পৰিস্থিতি। এই অৱস্থা অব্যাহত থাকিলে উজনিৰ মাছৰ বজাৰ এক প্ৰকাৰে অচল হৈ পৰাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে।

Leave A Reply

Your email address will not be published.