Breaking

অসমত অসমীয়াগিৰি চলিবইঃ অসমীয়া কাৰো বহতীয়া নহয়…

0 26

অসমত অসমীয়াগিৰি চলিবইঃ অসমীয়া কাৰো বহতীয়া নহয়

***ভূপেন মহন্ত

সৌ সিদিনা এগৰাকী খিলঞ্জীয়া অসমীয়া ছোৱালী তাতে আকৌ তেওঁ অসমৰ ক্ৰীড়াৰ ক্ষেত্ৰতো আগৰণুৱা। সেইগৰাকী অসম জীয়াৰীক ৰাজপথত গুৰুলা-গুৰুলকৈ পিটিলে। আনকি তেওঁৰ শ্লীলতা হানিৰো অপচেষ্টা কৰি অন্তৰ্বাস পৰ্যন্ত ছিঙি পেলালে অসমতে থাকি, অসমৰে বায়ু-পানী সেৱন কৰি, ব্যৱসায়-বাণিজ্যৰে চহকী হোৱা এজাক অনা-অসমীয়া যুৱকে। এই কথাই স্বাভিমানী অসমীয়াৰ গাত বৰ বেয়াকৈ ছেবাই গ’ল। কোনো ৰাজস্থান, বিহাৰ বা বংগদেশত নহয় খোদ অসমতে, অসমৰ বৰঘৰতে নিগৃহীত হ’ব লগা হ’ল অসমীয়া। ইয়াতকৈ আৰু কি লজ্জাৰ কথা থাকিব পাৰে। সেয়ে উগ্ৰমূৰ্তি ধাৰণ কৰিলে লাচিত বৰফুকনৰ দেশৰ উত্তৰসুৰী। স্তব্ধ হৈ পৰিল আহোম ৰাজত্বৰ গৌৰৱ শিৱসাগৰ। ক্ষোভত, খঙত প্ৰতিগৰাকী অসমীয়া জ্বলি উঠিল একো একোটা অগ্নি স্ফুলিংগ হৈ। ধ্বনিত হ’ল কোনো বহিৰাগত বণিয়া অসমত থাকিব নোৱাৰিব। তেওঁলোক অসম এৰি যাব লাগিব। কঁপি উঠিল বহিৰাগত বণিয়া, কঁপি উঠিল অসম চৰকাৰ। কাৰণ বহিৰাগতক ৰঙা দলিচা পাৰি অসমলৈ আগবঢ়াই অনাৰ ক্ষেত্ৰত ভূমিকা চৰকাৰৰে অধিক আছে। অসমীয়াৰ বীৰত্বৰ উমান পাই তামোল-পাণৰ বঁটা লৈ শৰণাপন্ন হ’ল বণিয়াৰ দল। ৰাজহুৱাভাৱে ক্ষমা খুজিলে অসমবাসীৰ ওচৰত হৈ যোৱা ঘটনাৰ বাবে। আৰু ইয়াৰ পিছতহে বহিৰাগত বণিয়াই অনুমতি পালে তেওঁলোকৰ ব্যৱসায় প্ৰতিষ্ঠানসমূহ মুকলি কৰিবলৈ। ইয়াৰো ওপৰলৈ গৈ এজন অনা-অসমীয়া লোকে জাতীয়তাবাদী নেতা শৃংখল চলিহাৰ বিৰুদ্ধে থানাত গোচৰ তৰাত পুনৰ ক্ষোভত ফাটি পৰিল অসমৰ দল-সংগঠন তথা জনতা। শেষত যেনিবা অসমীয়াৰ অসমীয়াগিৰি দেখি ভয়ত থানাৰ পৰা গোচৰ উঠাই ল’বলৈ বাধ্য হৈ পৰিল। এয়াই হ’ল অসমৰ অসমীয়াগিৰি। অসমীয়া মানুহ শান্তিপ্ৰিয়, অতিথিপৰায়ণ। সেইবুলি এই অতিথি পৰায়ণতাৰ সুযোগ লৈ কোনোবা বণিয়াই আমাৰ ইজ্জতক লৈ খেলা কৰিব এই কথা কেতিয়াও কোনো কাৰণতে হ’ব নোৱাৰে, হ’বলৈ নিদিয়ে। আৰু তাকে কৰি দেখুৱালে শিৱসাগৰীয়া ৰাইজে।


আমি বুজা হ’বৰ পৰাই দেখি আহিছোঁ যে অসমলৈ কেৱল ব্যৱসায় কৰাৰ ছলেৰে অসমৰ সম্পদ লুটি নিয়াৰ স্বাৰ্থতহে আহে বহিৰাগতসকল। তাৰ পৰিৱৰ্তে কি এনে উল্লেখযোগ্য কাম কৰিছে এইসকল বহিৰাগত বণিয়াই। কিয় আজিও এইসকল লোকৰ মাজৰ পৰা আজিলৈকে দ্বিতীয় এজন জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্ম হোৱা নাই ? অসমৰ সামগ্ৰিক উন্নয়ন, সাহিত্য-সংস্কৃতিৰ উন্নয়নৰ কথা এওঁলোকে একো নাভাবে। ভাবে কেৱল শোষণ-লুণ্ঠনৰ কথা। আৰু ইয়াৰ প্ৰমাণ সৌ-সিদিনা শিৱসাগৰৰ ৰাজপথত আক্ৰমণৰ বলি হোৱা কণমানি ছোৱালীজনী। আনহাতে, কিন্তু তেওঁলোকে অসমৰ পৰা সদায়ে লুটিয়েই আছে নানা উপায়েৰে, ন ন কৌশলেৰে। ধৰ্যৰো এটা নিৰ্দিষ্ট সীমা থাকে, সেই সীমাৰেখা যদি কোনোবাই অতিক্ৰম কৰিবলৈ সাহস কৰে তেনেহ’লে অসমৰ অসমীয়াই অসমীয়াগিৰি দেখুৱাবলৈ বাধ্য হ’বই। হয়তো এইবোৰ দেখি-শুনিয়েই সিদিনা জাগি উঠিল অসমীয়া। আমাৰ লগত থাকি কোনোবাই তেওঁলোকৰ ব্যৱসায় চলাই আছে থাকক। কিন্তু সেই সুযোগতে যদি আকৌ অসমীয়া জীয়ৰী-বোৱাৰীৰ গাত হাত দিব, তেন্তে কাৰো ৰক্ষা নাই। শিৱসাগৰৰ পৰাই আৰু এটা কথা উত্থাপন হ’ল যে এতিয়াৰ পৰা অসমত কেৱল আমাৰ বজাৰ আমাৰ পথাৰ নীতিহে চলিব। অসমীয়াৰ এনে গৰ্জন সদায় অটুট থাকক। নহ’লে যে সকলোৰে লুণ্ঠনৰ থলী হৈ পৰিছে কেৱল অসম, অসমৰ মাটি, অসমৰ সম্পদ। তাকে কৰিবলৈ যাওঁতে আমি অসমৰ সকলো জাতি-জনগোষ্ঠী এক হৈ যুঁজিব লাগিব। নহ’লে আমি ভাগ ভাগ কৰিব বিচৰা জালখনত মূৰ সুমুৱালে আমাৰ সকলো শেষ হৈ যাব। হয়তো একাংশই সেইটোকে আজি বিচাৰি আছে। বহিৰাগত বণিয়াৰ আগ্ৰাসন আমিয়েই ৰুধিব পাৰিব লাগিব। গতিকে কেৱল চাকৰিৰ আশাত চৰকাৰৰ নেতা-পালি নেতাসকলৰ পদূলিয়ে পদূলিয়ে নিজৰ শিক্ষাৰ প্ৰমাণ-পত্ৰ হাতত লৈ ঘূৰি ফুৰিবলৈ এৰি খেতি-বাতি, অন্যান কাম যেনে বজাৰ দখল কৰিবলৈ বিভিন্ন পন্থা গ্ৰহণ কৰিব লাগিব। যেনেদৰে পঞ্জাবৰ জনসাধাৰণে আন্দোলনো কৰিছে কৃষি কাৰ্যতো অধিক উৎসাহেৰে মনোনিৱেশ কৰিছে। গতিকে তেওঁলোকে কেতিয়াও আনৰ ওচৰত হাত পাতিবলগীয়া নহয়, কেতিয়াও হাত নাপাতে। তেওঁলোকে সকলো কৰিব পাৰে। গতিকে তাত বহিৰাগতই দাদাগিৰি কৰিব নোৱাৰে। অকল পঞ্জাবৰ মানুহখিনিৰ হাততে থাকে বজাৰ, পথাৰ, অধিকাৰ সকলোঁ। অসমীয়ায়ো সেই শক্তিৰে আগবাঢ়িবই লাগিব। আমি সফল হ’মেই।


বহিৰাগত বণিয়াৰ অসমৰ ছোৱালীৰ ওপৰত চলা অমানুষিক অত্যাচাৰৰ জুই জ্বলি থকাৰ মাজতে আকৌ অনা অসমীয়া তথা বহিৰাগত বিদেশীৰ হাতত ভূ-লুণ্ঠিত হ’ল অসমৰ গৌৰৱ। পুনৰ জোকাৰি গ’ল অসমীয়াৰ মন-মগজু। স্বাভিমানী অসমীয়াৰ বুকুত আকৌ কুঠাৰ বহুৱালে যোৱা শুকুৰবাৰে সন্দেহযুক্ত বিদেশীয়ে । নগাঁও জিলাৰ ধিঙত এগৰাকী কিশোৰীক তিনি পাষণ্ড নৰপিশাচে সন্ধিয়া পৰত টিউচনৰ পৰা উভতি ঘৰলৈ অহাৰ সময়তে ধিং-বৰভেটি পথৰ এটুকুৰা নিৰ্জন ঠাইত মটৰচাইকেলত অহা তিনি পাষণ্ডই বলপূৰ্বকভাৱে ১৫ বছৰীয়া ছাত্ৰীগৰাকীক উপৰ্যুপৰি ধৰ্ষণ কৰি মুমূৰ্ষু অৱস্থাত পেলাই থৈ যায় পথৰ দাঁতিত। বৰ্তমান তেওঁ নগাঁও চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন অৱস্থাতে আছে। এইখিনিতে কিশোৰীগৰাকীৰ আশু আৰোগ্য কামনা কৰিলোঁ। সুস্থ হৈ উঠি আকৌ স্কুললৈ যাওক, আনন্দ মনেৰে পঢ়া-শুনা কৰক। আৰু সেইখিনি সহযোগিতাৰ পৰা যেন কেতিয়াওঁ তেওঁ বঞ্চিত নহয়। আমি সকলোৱে তেওঁৰ মনৰ পৰা এই দুৰ্ভাগ্যজনক আৰু অবাঞ্ছিত ঘটনাৰ কথা পাহৰাই পেলাব লাগিব। সাহস যোগাব লাগিব। আমি বিচাৰো এই পাষণ্ড তিনিটাৰ কঠোৰৰ পৰা কঠোৰ শাস্তি হওক। অৱশ্যে এজনে তাৰ কৰ্মফল ইতিমধ্যে ভোগ কৰিলে। এতিয়া বাকীকেইজনৰো কি শাস্তি হ’ব তাকে চাবলৈ আগ্ৰহান্বিত অসমৰ ৰাইজ।
কথা হ’ল এনেবোৰ ঘটনা কাৰোবাৰ অদৃশ্য হাতৰ নিৰ্দেশত ঘটি আছে নেকি বাৰু ? নহ’লে পদে পদে অনা অসমীয়া বহিৰাগত অথবা বিদেশী বাংলাদেশী বুলি অভিহিত এচাম লোকৰ হাতত প্ৰায়ে নিগৃহীত হৈ আছে কেৱল থলুৱা অসমীয়া জীয়াৰী-বোৱাৰী আনকি পুৰুষসকলো। অ, মানি লৈছো অপৰাধীৰ কোনো ধৰ্ম নাই। কিন্তু একেটা অপৰাধকে যেতিয়া এটা সম্প্ৰদায়ৰ লোকে কৰি থাকিব তেতিয়া সেই সম্প্ৰদায়টো আন সম্প্ৰদায়ৰ তুলনাত দোষী বুলি স্বীকৃত হ’বই। গতিকে এনে অপবাদৰ পৰা মুক্ত হ’বৰ বাবে সেই সম্প্ৰদায়টোৰেই দায়িত্ব বেছি। তেওঁলোকে এনেবোৰ ঘটনাৰ নিৰাময়ৰ উপায় চিন্তা কৰক। এইক্ষেত্ৰত আমিও সাৱধান হোৱা উচিত। এজনে দোষ কৰিলেই আমি সমগ্ৰ সম্প্ৰদায়টোকে দোষী সাব্যস্ত কৰো। এনে মানসিকতা পৰিহাৰ কৰি বা ধৰ্মীয় ৰহণ সানি সমস্যাৰ সমাধান কৰিব নোৱাৰি। চৰকাৰে যদি একে ৰাতিৰ ভিতৰতে কাশ্মীৰৰ পৰা ৩৭০ অনুচ্ছেদ বাতিল কৰিব পাৰে, একে ৰাতিৰ ভিতৰতে যদি ভাৰতীয়া টকা সলনি কৰিব পাৰে, পুৰণি দোষ খুঁচৰি খুঁচৰি যদি বিৰোধী নেতাসকলক জে’লত ভৰাই থ’ব পাৰে, তেনেহ’লে বছৰ বছৰ ধৰি অসমত জুই হৈ জ্বলি থকা বাংলাদেশী বিদেশী সমস্যাটো সমাধান কৰিব নোৱৰাৰ কাৰণ কি থাকিব পাৰে ? অসমত বিদেশী নাগৰিকক বিতাড়ন কৰা আন্দোলনত ৮৫৫জন অসমীয়া সুঠাম যুৱকে প্ৰাণ আহুতি দিলে। কিন্তু আজিও এই সমস্যাৰ সমাধান নহ’ল। সমাধান কৰিবলৈ আগ্ৰহেই নেদেখুৱাই শাসকবৰ্গই। কাৰণ এনে সমস্যাসমূহ জীয়াই থাকিলে শাসকপক্ষৰেই লাভ। ইয়াকে লৈ ৰাজনীতি কৰি থাকিলে নিৰ্বাচনী বৈতৰণী পাৰ হ’বলৈ উজু। কিন্তু দুৰ্দশা যে সাধাৰণ লোকৰহে হয় সেয়া তেওঁলোকে অনুধাৱন নকৰে। ১৯৭৯ চনত মঙলদৈ সমষ্টিৰ লোকসভা নিৰ্বাচনৰ সময়ত যেতিয়া ভোটাৰ তালিকা প্ৰকাশ হ’ল তেতিয়াই ধৰা পৰিল অসমত যে অবৈধভাৱে প্ৰৱেশ কৰা লাখ লাখ বাংলাদেশী নাগৰিকৰে অসম ভৰি আছে। তেতিয়াই আৰম্ভ হৈ গ’ল বিদেশী খেদা আন্দোলন। ছবছৰ পিছত কেন্দ্ৰীয় চৰকাৰৰ সৈতে এখন চুক্তি হ’ল আন্দোলনকাৰীসকলৰ। কিন্তু আজিলৈহে পিছে বিদেশী নাগৰিকৰ এজনো খেদা হ’লনে নাই সাধাৰণ ৰাইজে গমেই পোৱা নাই। অৰ্থাৎ বিদেশী সমস্যাটো অসমত জীয়াই ৰখা হৈছে নেকি ? নহ’লেনো নিৰ্বাচনী ভাষণত আমাৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে বিদেশী টালি-টোপোলা লৈ যাব লাগিব বুলি কোৱাৰ পিছতো এতিয়ালৈ মন-কাণেই দিয়া নাই এই জ্বলন্ত সমস্যাটোৰ সন্দৰ্ভত। কেইজন বিদেশী খেদিলে বাৰু ? গতিকে এনেবোৰ সমস্যা জীয়াই থাকিলে এচাম ৰাজনীতিকৰ বাবে মংগল। আজি যিসকলে মিঞা সমস্যাক লৈ হুলস্থূল কৰি আছে। যদি তেওঁলোক সঁচাকৈয়ে বিদেশী, সোনকালে তেওঁলোকক চিনাক্ত কৰি বিতাড়নৰ ব্যৱস্থা কৰিব লাগে। তেতিয়া হয়তো ধিং কাণ্ডৰ দৰে ঘটনাৰ পুনৰাবৃত্তি নঘটিব। লগতে অনাহকত বিদেশীৰ নামত নিৰ্দোষী লোকো নিৰ্যাতিত তথা লাঞ্ছিত হ’ব লগা নহ’ব আৰু অসমৰো এটা বৃহৎ সমস্যা সমাধান হ’ব। যদি তাকে কৰা নহয় তেতিয়া হ’লে আকৌ অসমীয়াই অসমীয়াগিৰি দেখুৱাব লাগিব নেকি ?


Leave A Reply

Your email address will not be published.