Breaking

“মৃত্যুৰ পিছত আমি কি এৰি যাম”, চামতাৰ অক্সফোৰ্ড একাডেমীত বিশিষ্ট শিক্ষাবিদ ড° ভবেন পাঠক…

0 12

“সমসাময়িক পৰিস্থিতিত আমাৰ বাবে এটা ডাঙৰ প্ৰশ্ন -আমি মৃত্যুৰ পিছত নৱাগতৰ বাবে কি এৰি যাম? অগাধ ধন সম্পত্তি নে জ্ঞান? আমাৰ আগৰ প্ৰজন্মই নদীৰ পানী খাইও নিৰোগী হৈ আছিল আৰু আজি মিনাৰেল ৱাটাৰ উন্নত চিকিৎসা পদ্ধতিৰ পিছটো কিন্তু মানুহক ৰোগে হেঁচা মাৰি ধৰিছে,আমি গছপুলি এটা ৰুবলৈ ইচ্ছা নকৰাটো এটা অসুভ লক্ষন,গছ নাথাকিলে আমি অক্সিজেন ক’ৰ পৰা পাম”, এই মন্তব্য বিশিষ্ট শিক্ষাবিদ, অৰ্থনীতি বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক পাঁচখনকৈ শিক্ষানুষ্ঠানৰ প্ৰতিষ্ঠাপক, ইংৰাজী ভাষাৰ বিদগ্ধ পণ্ডিত ড° ভবেন পাঠকৰ। উল্লেখযোগ্য যে নামনি অসমৰ আগশাৰীৰ পেৰামেডিকেল ইনষ্টিটিউত চামতাস্থিত “অক্সফোৰ্ড পেৰামেডিকেল”ত মুখ্য অতিথি হিচাপে ভাষন ৰাখি এই মন্তব্য কৰে বিশিষ্ট শিক্ষাবিদজনে,তেওঁ লগতে কয় যে আৰ্থিক অভাব কেতিয়াও শিক্ষালাভৰ হেঙাৰ হ’ব নোৱাৰে কাৰন খেতিপথাৰত অতিপাত কষ্টৰ বাবে পথাৰতেই মোৰ দেউতাৰ মৃত্যু হোৱাৰ পাছত ঘৰখন আৰু নিজৰ জীৱনৰ স্বাৰ্থত সাধাৰন কেৰানী হিচাপে মই এক কণ্টকময় জীৱন আৰম্ভ কৰি আজি এই পৰ্য্যায় পাইছোঁ গতিকে নৱাগতসকল কেতিয়াও তোমালোক হতাশ নহবা।

চামতা উচ্ছতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুস্থিত দিনযোৰা কাৰ্য্যসূচীৰ মুকলি সভাত নিদিষ্ট বক্তা হিচাপে উপস্থিত থাকে আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন এচিয়াৰ প্ৰথমগৰাকী ইলুচনিষ্টৰ স্বীকৃতিপ্ৰাপ্ত ইলুচনিষ্ট শুচিব্ৰত ৰয়।ভাষন প্ৰসংগত তেওঁ কয় “ৰাচিয়ান বিপ্লৱত লেনিনৰ যি ভূমিকা,সমগ্ৰ নলবাৰী জিলাৰ শৈক্ষিক জগতত ড°ভবেন পাঠকৰ যি ভূমিকা,জীৱনবোধৰ ক্ষেত্ৰত চাৰ্লি চেপলিনৰ যি ভূমিকা,আব্ৰাহম লিংকনৰ সেই বিখ্যাত পত্ৰখনৰ পৰা আমাৰ নৱাগতসকলে আমাৰ সমাজে শিকিবলগীয়া যথেষ্ট আছে”।নৱাগত তৰুনিয়ে এটা সুমধূৰ সমবেত সংগীতেৰে আৰম্ভ কৰা অনুস্থানটোৰ সভাপতিৰ আসন অলংকৃত কৰে অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক কবি তথা সুবক্তা প্ৰবীন বৰ্মনে। আঁত ধৰে অধ্যক্ষ জোনালী মেধী আৰু জুপিতৰা প্ৰিয়মে,যুৱ প্ৰজন্মৰ প্ৰতিভা সম্পন্ন শিল্পী ভাস্কৰ তালুকদাৰৰ সুমধূৰ বাঁহীবাদনতে অনুস্থানটোক এক অন্যতম মাত্ৰা প্ৰদান কৰে।ইয়াৰ পিছত আমন্ত্ৰিত বক্তা তথা চামতা উচ্ছতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ বলেন গোস্বামীৰ চিন্তাশীল মৰমিয়াল বক্তব্যই সকলোৰে দৃষ্টি আকৰ্ষন কৰে,অনুষ্ঠানত নৱজ্যোতি জাতীয় বিদ্যালয় চামতাৰ শিক্ষক তথা সাহিত্যসেৱী হেমন্ত বৰ্মনৰ তথ্যগধূৰ ধীৰ স্থিৰ কথাবোৰে নৱাগত তথা উপস্থিত সকলোকে আনন্দ দিয়ে।

প্ৰেৰনা পুথিভঁৰাল বিহামপুৰৰ স্বত্বাধিকাৰ দ্বীজেন্দ্ৰ নাৰায়ন শৰ্মাই আমন্ত্ৰিত অতিথি হিচাপে সাৱলীল বক্তব্য ৰাখে,জ্যেষ্ঠ সাংবাদিক প্ৰদীপ বৰ্মনৰ নীতি কথা সমৃদ্ধ কথাখিনিয়ে সকলোৰে দৃষ্টি আকৰ্ষন কৰে,অনুস্থাননত শিক্ষক চিৰঞ্জীৱ বৰ্মনৰ ভাষনৰ পিছত জুপিতৰা প্ৰিয়ম,বিশাল ডেকা,বৰষা কাশ্যপৰ গীতৰ শৰাই।পৰম্পৰাগত আৰু আধুনিক নৃত্যৰে দৰ্শকৰ দৃষ্টি আকৰ্ষন কৰে চয়নিকা বৰ্মন,সীমা ডেকা,তৃষ্ণা দেৱী,মানসী চৌধুৰী,দিপাঙ্কৰ মালাকৰ,প্ৰিয়ংকা বৰ্মন,পৰশজ্যোতি বৰ্মন,হিমাশ্ৰী কলিতা,কংকনা পাঠক আৰু মধুস্মিতা তালুকদাৰে।আনহাতে অতি কম সময়ৰ ভিতৰত সমাজ সংস্কাৰমূলক বাৰ্তা দিব পৰা “দুখীয়াৰ দুখ” নামৰ এখন নাট মন্সস্থ হয়।চাজিদা বেগম আৰু আয়েছা বেগমৰ পৰিচালনাৰে নাটখনত দূৰ্দান্ত অভিনয় কৰে পৰেশ বৰ্মন,লিমি শৰ্মা, নৱনীতা বৰ্মন,হিৰামনি বৰ্মন, সুস্মিতা তালুকদাৰ আৰু বিশ্বজিত দাসে। অনুস্থানৰ আৰম্ভনীতে কলকতাৰ মৌমিতা কাণ্ডৰ আত্মাৰ সদগতি আৰু দোষীৰ কঠোৰতম শাষ্টিৰ লগতে অসমৰ ধিং কাণ্ডৰ দোষীৰ কঠোৰতম শাষ্টিৰ বাবে এক মিনিট সময় মৌন প্ৰাৰ্থনা জনোৱা হয়।

Leave A Reply

Your email address will not be published.