Breaking

৩৫সংখ্যক আঞ্চলিক যুৱ সংসদ প্ৰতিযোগিতাৰ অনুষ্ঠানত অংশগ্ৰহণ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

0 21

“প্ৰযুক্তি, উদ্যমিতা, সামাজিক পদক্ষেপৰ জৰিয়তে সুশাসন ব্যৱস্থাত যুৱপ্ৰজন্মৰ ভূমিকা সুদূৰপ্ৰসাৰী”: সৰ্বানন্দ সোণোৱাল

“যুৱশক্তি মহাশক্তি, দেশৰ ভৱিষ্যতৰ চালিকাশক্তি”: সোণোৱাল

দুলীয়াজানত অনুষ্ঠিত কেন্দ্ৰীয় বিদ্যালয় সংগঠন, তিনিচুকীয়া অঞ্চলৰ ৩৫সংখ্যক আঞ্চলিক যুৱ সংসদ প্ৰতিযোগিতাৰ অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ অংশগ্ৰহণ

গণতান্ত্ৰিক প্ৰমূল্যবোধ জগাই তুলি ৰাষ্ট্ৰ নিৰ্মাণৰ যাত্ৰাত অৰিহণা যোগাবলৈ যুৱচামক আহ্বান সোণোৱালৰ

দুলীয়াজান, ২৭ আগষ্ট, ২০২৪: কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি দুলীয়াজানত অনুষ্ঠিত কেন্দ্ৰীয় বিদ্যালয় সংগঠন, তিনিচুকীয়া অঞ্চলৰ ৩৫সংখ্যক আঞ্চলিক যুৱ সংসদ প্ৰতিযোগিতাৰ অনুষ্ঠানত অংশগ্ৰহণ কৰে। যুৱশক্তিক মহাশক্তি, দেশৰ ভৱিষ্যতৰ চালিকাশক্তি বুলি অভিহিত কৰি সোণোৱালে কয়, “যুৱপ্ৰজন্মৰ মাজত গণতান্ত্ৰিক প্ৰমূল্যবোধ জগাই তুলি ৰাষ্ট্ৰ নিৰ্মাণৰ যাত্ৰাত অৰিহণা যোগোৱাৰ ক্ষেত্ৰত অনুপ্ৰাণিত কৰাৰ বাবে যুৱ সংসদৰ আয়োজন নিতান্তই শলাগনীয়।” যুৱ সংসদ প্ৰতিযোগিতাৰ অনুষ্ঠানত উপস্থিত থাকি যুৱবন্ধুসকলৰ সৈতে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে মত বিনিময় কৰে। এই অনুষ্ঠানত অসমৰ উপৰি অৰুণাচল প্ৰদেশ, নাগালেণ্ডৰ শিক্ষাৰ্থীসকলেও অংশগ্ৰহণ কৰে।

সৰ্বানন্দ সোণোৱালে এনে প্ৰতিযোগিতা আয়োজনৰ প্ৰচেষ্টাক প্ৰশংসা কৰে, যিয়ে ভাৰতৰ গণতান্ত্ৰিক ব্যৱস্থাৰ বিশালতাৰ বিষয়ে যুৱ মনক আলোকিত কৰি তুলিব পাৰে।

অনুষ্ঠানত ভাষণ প্ৰদান কৰি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয়, “যুৱচামে নতুন দৃষ্টিভংগী, কৰ্মোদ্যম আৰু উদ্ভাৱনী চিন্তা-চেতনাৰে দেশলৈ অভূতপূৰ্ব ৰূপান্তৰ আনিছে। গণতন্ত্ৰত সক্ৰিয় অংশগ্ৰহণ কৰি যুৱশক্তিয়ে এখন আত্মনিৰ্ভৰ, বিকশিত আৰু সমৃদ্ধিশালী ভাৰত গঢ়াৰ দিশত বৃহৎ পৰিৱৰ্তন আনিব পাৰে। গণতন্ত্ৰত যুৱপ্ৰজন্মই সক্ৰিয়ভাৱে জড়িত হোৱাটোৱে এক উন্নত ভৱিষ্যৎ সুৰক্ষিত কৰাত সহায় কৰে। তেওঁলোকে দীৰ্ঘম্যাদী দৃষ্টিভংগীৰে দেশৰ হিতৰ বাবে কাম কৰিবলৈ সদা-তৎপৰ। প্ৰযুক্তি, উদ্যমিতা, সামাজিক পদক্ষেপৰ জৰিয়তে সুশাসন ব্যৱস্থাত যুৱপ্ৰজন্মৰ ভূমিকা সুদূৰপ্ৰসাৰী। বিশ্বৰ সৰ্ববৃহৎ গণতন্ত্ৰ ভাৰতৰ বিশালতা, স্বকীয়তা আৰু উদাৰতা সৰ্বজনবিদিত। ই আমাৰ বিশাল সাংস্কৃতিক, ভাষিক আৰু ধৰ্মীয় বৈচিত্ৰ্যক স্থান দি আহিছে। মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ২০৩০ চনৰ ভিতৰত ভাৰতক বিশ্বৰ তিনি বৃহৎ অৰ্থনীতিৰ ভিতৰত অন্তৰ্ভুক্ত কৰাৰ দৃঢ় সংকল্প স্থিৰ কৰিছে। এনে এক বৈচিত্ৰময় পৰিকাঠামোৰ মাজত যুৱশক্তিয়ে শক্তিশালী ভূমিকা পালন কৰি ভাৰতক বিশ্বৰ এখন আগশাৰীৰ ৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠিত কৰিব লাগিব।”

লগতে সোণোৱালে কয়, “অসমৰ যুৱপ্ৰজন্মৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ যুৱক-যুৱতীসকলে ৰাজ্যকেইখনৰ সমৃদ্ধ সাংস্কৃতিক ঐতিহ্য, ভাষা-কৃষ্টি আৰু পৰম্পৰাৰ সুৰক্ষা, সংৰক্ষণ আৰু প্ৰসাৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে। বিভিন্ন সম্প্ৰদায়ৰ মাজৰ ব্যৱধান দূৰ কৰি একতাৰ এনাজৰী সুদৃঢ় কৰাতো যুৱপ্ৰজন্মৰ ভূমিকা হ’ব সুদূৰপ্ৰসাৰী। যুৱ নেতৃত্বাধীন ষ্টাৰ্টআপ্ আৰু উদ্ভাৱনে অসমৰ অৰ্থনীতি বৃদ্ধি কৰিব পাৰে, বিশেষকৈ কৃষি, পৰ্যটন আৰু তথ্য-প্ৰযুক্তিৰ দৰে ক্ষেত্ৰত। সঠিক শিক্ষা আৰু প্ৰশিক্ষণৰ জৰিয়তে যুৱচামে অসমক দক্ষতাৰ প্ৰাণকেন্দ্ৰলৈ ৰূপান্তৰ কৰিব পাৰে, বিনিয়োগ আকৰ্ষিত কৰিব পাৰে আৰু চাকৰিৰ সুযোগ সৃষ্টি কৰিব পাৰে।”

Leave A Reply

Your email address will not be published.