Breaking

বৰপেটা মহাবিদ্যালয়ত অসম প্ৰকাশন পৰিষদৰ মহাবিদ্যালয় গ্ৰন্থমেলাৰ আৰম্ভণি

0 30

বৰপেটা, ২৭ আগষ্টঃ উচ্চ শিক্ষা গ্ৰহণ কৰি থকা ছাত্ৰ-ছাত্ৰীসকলৰ ওচৰলৈ গ্ৰন্থ-আন্দোলনৰ শুভবাৰ্তা কঢ়িয়াই নিয়াৰ উদ্দেশ্যে ৰাজ্যখনৰ মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়সমূহত গ্ৰন্থমেলা আয়োজন কৰাৰ সিদ্ধান্তক বাস্তৱায়িত কৰি অসম প্ৰকাশন পৰিষদে আজিৰে পৰা এই কাৰ্যসূচী ৰূপায়ণ কৰিছে বৰপেটা মহাবিদ্যালয়ত ৷ অহা ২৯ আগষ্টলৈ অনুষ্ঠিত হ’বলগীয়া এই মহাবিদ্যালয় গ্ৰন্থমেলা আজি উদ্বোধন কৰা হয় ৷

বৰপেটা মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি বাৰীন্দ্ৰ ভূঞাই উদ্বোধনী ভাষণত কয় যে অসম প্ৰকাশন পৰিষদে এই কাৰ্যক্ৰমণিকাৰে মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত অধ্যয়ন আৰু বৌদ্ধিক অনুশীলনৰ বাট মুকলি কৰিছে ৷ এয়া অসমৰ বিদ্যায়তনিক ক্ষেত্ৰৰ বাবে আশাৰ বতৰা ৷

অনুষ্ঠানত অংশগ্ৰহণ কৰি অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাই কয়—“ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ উপদেশ মৰ্মে আৰু শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ নেতৃত্বত ছাত্ৰ-ছাত্ৰীসকলক গ্ৰন্থৰ জৰিয়তে এক যোগাত্মক তথা বৌদ্ধিক পৰিৱেশৰ মাজলৈ নিয়াৰ ক্ষেত্ৰত অসম প্ৰকাশন পৰিষদৰ এয়া এক নতুন প্ৰয়াস। অসমৰ মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়সমূহত আয়োজন কৰিবলৈ লোৱা এলানি গ্ৰন্থমেলাৰ ভিতৰত প্ৰথমখন গ্ৰন্থমেলা বৰপেটা মহাবিদ্যালয়ত অৰম্ভ কৰা হৈছে ৷এই মহাবিদ্যালয় গ্ৰন্থমেলা সকলো গ্ৰন্থপ্ৰেমীৰ বাবে মুকলি থাকিব।”

গ্ৰন্থমেলাৰ উদ্বোধনী অনুষ্ঠানৰে সংগতি ৰাখি বিশিষ্ট সাহিত্য সমালোচক, সন্দিকৈ ছোৱালী মহাবিদ্যালয়ৰ অধ্যাপক ড° পৰী হিলৈদাৰীয়ে “গ্ৰন্থ অধ্যয়নৰ প্ৰয়োজনীয়তা” আৰু বিশিষ্ট গল্পকাৰ-ঔপন্যাসিক মনালিছা শইকীয়াই “সাহিত্যত জীৱন” শীৰ্ষক বিষয়ত বক্তব্য আগবঢ়ায় ৷ অনুষ্ঠানত অংশগ্ৰহণ কৰি বিশিষ্ট সাহিত্যিক-লেখক অক্ষয় কুমাৰ মিশ্ৰই “মহাবিদ্যালয় গ্ৰন্থমেলা” প্ৰকাশন পৰিষদৰ অভিনৱ সংযোজন বুলি উল্লেখ কৰি ছাত্ৰ-ছাত্ৰীসকলক ইয়াত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰাৰ আহ্বান জনায় ৷ কবি-লেখক নৱজ্যোতি পাঠকে আঁত ধৰা সভাখনত উপস্থিত থাকি বৰপেটা মহাবিদ্যালয়ৰ অধ্যক্ষ ড° বিৰঞ্চি কুমাৰ দাসে অসম প্ৰকাশন পৰিষদৰ এই কাৰ্যসূচীৰ শলাগ লৈ সকলোকে ধন্যবাদ জ্ঞাপন কৰে ৷

Leave A Reply

Your email address will not be published.