Breaking

সোণাপুৰত সন্দেহযুক্ত নাগৰিকৰ উচ্ছেদৰ প্ৰসংগ

0 36

২৭ আগষ্ট, সোণাপুৰ : সন্দেহজনক নাগৰিকৰ বাসগৃহত  অবৈধভাবে বিদ্যুৎ সংযোগ দিয়াৰ বিৰুদ্ধে আজি প্ৰতিবাদ উত্তাল হল সোণাপুৰ ।সোণাপুৰৰ নতুন বজাৰস্থিত বিদ্যুৎ সংমণ্ডলৰ কাৰ্যালয়ত ডিমৰীয়াৰ বিভিন্ন দল-সংগঠনে অবৈধ বিদ্যুৎ সংযোগৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে  ৷

উল্লেখ্য যে সোণাপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত বৰবিলা, পাৰগোমা,বেলটিলা, সোণাপুৰ পথাৰ, কচুতলি আদি অঞ্চলত দীৰ্ঘ  দিন ধৰি সন্দেহজনক লোক প্ৰৱেশৰ লগতে চৰণীয়া পথাৰ, চৰকাৰী ভূমি আৰু জনজাতীয় আবেষ্টনী অঞ্চলত বসবাস কৰাৰ অভিযোগ পোৱা গৈছিল  ৷ তেনে চৰকাৰী ভূমিত বসবাস কৰা  সন্দেহজনক আৰু অবৈধ নাগৰিকৰ গৃহত বিদ্যুৎ বিভাগে কেনেকৈ আৰু কি হিচাপে বিদ্যুৎ সংযোগ দিলে তাক লৈ এতিয়া সমগ্ৰ ডিমৰীয়বাসীৰ দল সংগঠনৰ  মাজত ডাঙৰ প্ৰশ্ন হৈ পৰিছে ৷ তাৰোপৰি খিলঞ্জীয়াক বঞ্চিত কৰি অবৈধ ভূমি বেদখলকাৰীক চৰকাৰী প্ৰধানমন্ত্ৰী আৱাস গৃহও দিয়া হৈছিল  ৷

এনেবোৰ কাৰ্য্যৰ বাবে   স্হানীয় ৰাইজ  আৰু দল সংগঠন মাজত প্ৰতিক্ৰিয়া সৃষ্টি হৈছে৷ যাৰ বাবে আজি সোণাপুৰ বিদ্যুৎ বিভাগৰ কাৰ্যালয় ঘেৰাও কৰি  প্ৰতিবাদ সাব্যস্ত কৰে স্হানীয় দল সংগঠনৰ লগতে ৰাইজ  ৷মন কৰিবলগীয়া যে কেইদিনমান পূৰ্বে মৰিগাওঁ জিলাৰ নাঙেলী অঞ্চলৰ পৰা ঘৰ নিৰ্মাণৰ বহু সামগ্ৰী লৈ কেইবাখনো ট্ৰেক্টৰ নিশা এঘাৰ মান বজাত সোণাপুৰৰ কচুতলি অভিমুখে গৈ আছিল ৷ তেনে সময়তে বৰবিলাত সন্দেহজনক ভাবে  দুখন ট্ৰেক্টৰ নিশাই ৰাইজে জব্দ কৰি সোণাপুৰ থানাত গতাই দিয়ে ৷লগতে এই ঘটনাৰ সন্দৰ্ভত চাৰিজন লোকক সোধা পোচাৰ বাবে সোণাপুৰ থানালৈ লৈ অনা হয় ৷  এনে ঘটনাৰ পিছতে স্হানীয়  ৰাইজ আৰু দল সংগঠন অধিক সক্ৰিয় হৈ পৰে ৷  বিষয়টোৰ সন্দৰ্ভত অধিক তদন্ত কৰিবলৈ  সোণাপুৰ থানাত কেবাটাও দল সংগঠনে পৃথকে পৃথকে এজাহাৰো দাখিল কৰে ৷ এই বিষয়ে প্ৰশাসনো পলম নকৰি বিষয়টো অধিক গুৰুত্ব সহকাৰে লৈ কচুতলি অঞ্চলত চৰকাৰী ভূমি আৰু জনজাতীয় আবেষ্টনি অঞ্চলত বসবাস কৰা কেবাটাও পৰিয়ালক উচ্ছেদ কৰে ৷ কেবাটাও পৰিয়ালক দিয়া হৈছে চৰকাৰী বিনামূলীয়া ঘৰ আৰু বিদ্যুৎ সংযোগ ৷ মন কৰিবলগীয়া যে চৰকাৰী ভূমিত বসবাস কৰা লোকে কেনেকৈ পালে ঘৰ আৰু বিদ্যুৎ সংযোগ ৷ এই প্ৰশ্ৰ বিভিন্ন দল সংগঠনৰ ৷ এনে কাৰ্যত কোন কোন জড়িত হৈ আছে ,ইয়াকে লৈ এতিয়া সমগ্ৰ ডিমৰীয়াত তোলপাৰ লাগিছে ৷যাৰ বাবে আজি সোণাপুৰ বিদ্যুৎ বিভাগৰ কাৰ্যালয় ঘেৰাও কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৷ প্ৰতিবাদকাৰীসকলে অবৈধ ভূমি দখল কৰি গৃহ নিৰ্মাণ কৰা লোকৰ গৃহৰ পৰা  বিদ্যুৎ সংযোগ বিচ্ছিন্ন কৰিবলৈ এসপ্তাহৰ সময়সীমা বান্ধি দিয়ে ৷

অন্যথা পৰৱৰ্তী সময়ত কাৰ্যালয়ৰ সন্মূখত তীব্ৰ আন্দোলন গঢি তুলিব বুলিও হুংকাৰ দিয়ে ৷অবৈধ বিদ্যুৎ সংযোগ প্ৰদানৰ ক্ষেত্ৰত প্ৰধান ভূমিকা গ্ৰহণ কৰা কেইবাজনো লোকৰ নাম বিদ্যুৎ বিভাগৰ বিষয়াক প্ৰতিবাদকাৰী সকলে প্ৰদান কৰে। অতিশীঘ্ৰে উক্ত কৰ্মচাৰীসকলক পদৰ পৰা অব্যাহতি প্ৰদান কৰি শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ প্ৰতিবাদকাৰীসকলে দাবী জনাইছে ।ইফালে আজি বিয়লিৰ ভাগত পুণৰ সোণাপুৰত উপস্থিত হয় কামৰূপ (ম) জিলাৰ জিলা আয়ুক্ত সুমিত ছত্তৱান আৰু পূব কামৰূপ আৰক্ষী জিলাৰ উপ আৰক্ষী আয়ুক্ত মৃণাল ডেকা বেদখলস্থলী পৰিদৰ্শন কৰি অতিশীঘ্ৰে বেদখল উচ্ছেদৰ কথা ঘোষণা কৰে। ইতিমধ্যে প্ৰশাসনে অঞ্চলটোৰ চৰকাৰী ভূমি, চৰণীয়া পথাৰ আৰু জনজাতীয় আৱেষ্টনীত অবৈধভাবে বসবাস কৰি থকা লোকসকলক সেই স্থানৰ পৰা আতঁৰি যাবলৈ গাঁৱে গাঁৱে মাইক যোগে ঘোষণা কৰিছে ।

Leave A Reply

Your email address will not be published.