Breaking

বিনা প্ৰতিদ্বন্দিতাৰে আই চি চিৰ অধ্যক্ষ নিৰ্বাচিত হ’ল জয় শ্বাহ…

0 17

একমাত্ৰ হিচাপে মনোনয়ন পত্ৰ দাখিলৰ পিছত বি চি চি আইৰ ৩৫ বছৰীয়া সম্পাদক জয় শ্বাহ আই চি চিৰ ( আন্তৰ্জাতিক ক্ৰিকেট পৰিষদৰ ) পৰৱৰ্তী অধ্যক্ষ হোৱাটো নিশ্চিত হ’ল ।

এই ক্ষেত্ৰত তেওঁ পঞ্চমগৰাকী ভাৰতীয় । শ্বাহে অৱশ্যে অহা ডিচেম্বৰতহে কাৰ্যভাৰ লোৱাৰ সম্ভাৱনা আছে ।

তেনেহলে বি চি চি আইৰ পৰৱৰ্তী সচিব কোন হ’ব ? এতিয়া তাৰেই কুচকাৱাজ আৰম্ভ হ’ব । সম্ভাব্য প্ৰাৰ্থী হিচাপে আন কেইবাগৰাকীৰ লগতে বি চি চি আইৰ যুটীয়া সম্পাদক দেৱজিত শইকীয়াৰ নামো ওলাইছে ।

Leave A Reply

Your email address will not be published.