Breaking

কথাতে নহয় কামতো পৰিচয় দিলে বৰঝাৰত আগৰৱালা পৰিয়ালে…

0 14

দৰং ওদালগুৰি জিলাৰ সীমান্ত অঞ্চল বৰঝাৰ লীলানন্দ বিদ্যা নিকেতনত বহু দিনৰ ছাত্ৰ ছাত্ৰীৰ আন এটা অভাৱ পূৰণ কৰিলে আগৰৱালা পৰিয়ালে। বীৰেন্দ্ৰ নগৰ আশ্ৰমত দুই দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা শ্ৰী কৃষ্ণৰ জন্ম অষ্টমী অনুষ্ঠানত উপস্থিত থাকি গুৱাহাটীৰ পৱন আগৰৱালা পৰিয়ালে মংগবাৰে স্বৰ্গীয় প্ৰভু দয়াল আগৰৱালাৰ স্মৃতিত নাতিয়েক নীতিশ আগৰৱালা আৰু পুনিতা আগৰৱালাই ফিটা কাটি দ্বাৰ মুকলি কৰে ছাত্ৰ ছাত্ৰীৰ বাবে চাইকেল ষ্টেণ্ড। প্ৰায় পাঁচ লাখ টকা ব্যায়ৰে আটকধুনীয়া কৈ নিৰ্মাণ কৰে এই চাইকেল ষ্টেণ্ড। ধুনীয়া এটা চাইকেল ষ্টেণ্ড পাই ছাত্ৰ ছাত্ৰী আৰু বিদ্যালয় কতৃপক্ষই আনন্দিত হয়।

বিদ্যালয় কতৃপক্ষই ধন্যবাদ জ্ঞাপন কৰে আগৰৱালা পৰিয়ালক। কথাতে নহয় কামতো পৰিচয় দিলে আগৰৱালা পৰিয়ালে প্ৰায় দুই মাহ পূৰ্বে বৰঝাৰ লীলানন্দ বিদ্যা নিকেতন মূল প্ৰবেশ দ্বাৰ নিৰ্মাণ কৰি শুভ উদ্বোধন কৰে আকৌ মঙ্গলবাৰে একে খন বিদ্যালয়ত আটকধুনীয়া কৈ ছাত্ৰ ছাত্ৰীৰ বাবে চাইকেল ষ্টেণ্ড এটা বনাই মুকলি কৰি দিয়ে।
ইয়াৰ লগতে পৱন আগৰৱালাই আমাৰ আগত কয় যে বৰঝাৰ আৰু বৰঝাৰৰ মানুহে মোক বহুত ভালপায়। বৰঝাৰৰ বাবে বহু কৰিব লগীয়া আছে। মোৰ দেউতাকৰ স্মৃতিত বিদ্যালয়খনৰ মূল প্ৰবেশ দ্বাৰ, চাইকেল ষ্টেণ্ড হৈছে আৰু বীৰেন্দ্ৰ নগৰ আশ্ৰমত এখন পুথি ভড়াল খুওৱ কম দিনৰ ভিতৰতে নিৰ্মাণ হ’ব আৰু আগলৈ বৰঝাৰৰ শ্মশান টো খুওৱ ধুনীয়া কৈ বনাই দিয়াৰ ইচ্ছা আছে বুলি মত প্ৰকাশ কৰে। দিলীপ আগৰৱালাই বিদ্যালয়ৰ বিভিন্ন সমস্যাৰ বুজ লয় আৰু ছাত্ৰ ছাত্ৰীক গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ বিদ্যালয় কতৃপক্ষক দহ টা ফেন দিয়ে।

বিদ্যালয় কতৃপক্ষই গুৱাহাটীৰ পৰা অহা পৱন আগৰৱালা, ভবিতা আগৰৱালা, দিলীপ আগৰৱালা, মেহেক আগৰৱালা,নীতিশ আগৰৱালা,পুনিতা আগৰৱালাক ফুলাম গামোচাৰে সম্বৰ্ধনাৰ লগতে ধন্যবাদ জনায়। লীলানন্দ বিদ্যা নিকেতনৰ প্ৰধান শিক্ষক প্ৰবীৰ দে ই আগৰৱালা পৰিয়ালক আন্তৰিক ধন্যবাদ জনায় আৰু কয় যে স্থানীয় ৰাইজৰ সহায় অবিহনে বিদ্যালয় এখন পৰিচালিত কৰা বহু টান।এনেকোৱা সহায় সহযোগিতা পালে বহু ভাল লাগে।উক্ত চাইকেল ষ্টেণ্ড দ্বাৰ মুকলি অনুষ্ঠানত উপস্থিত থাকে বীৰেন্দ্ৰ নগৰ আশ্ৰম কতৃপক্ষৰ মনিন্দ্ৰ বসুমতাৰী,শশধৰ বিশ্বাস,অমিত দাস,লীলা নন্দ বিদ্যা নিকেতন হাইস্কুলৰ প্ৰধান শিক্ষক প্ৰবীৰ দে, সহকাৰী শিক্ষক গৌতম ভৌমিক,বকলি দাস,নন্দদুলাল চৰকাৰ, দিপক সাহা,বিদ্যুত সাহা, স্বপন বিশ্বাস, গৌৰি ঘোষ, নৱজীত ঘোষ, স্থানীয় মান্য গণ্য় ৰাইজ আৰু প্ৰায় চাৰি শতাধিক ছাত্ৰ ছাত্ৰী।

Leave A Reply

Your email address will not be published.