Breaking

সুস্বাদু বৰা চাউলৰ ইংৰাজী নাম কি? বৰা চাউলৰ উপকাৰিতা বিষয়ে জানক…

0 18

বৰা চাউলৰ সৈতে অসমীয়াৰ আৱেগ জড়িত হৈ আছে। বৰা চাউলৰ পৰা তৈয়াৰী সকলো খাদ্য অতি সুস্বাদু। পথাৰৰ পৰা পাকঘৰ, অতিথি আপ্যায়ণ, সকাম প্ৰতিটো অনুষ্ঠান পৰ্বতে বৰা চাউলে প্ৰাধান্য লাভ কৰে। বৰা চাউলক ইংৰাজীত Glutinous Rice বুলি কোৱা হয়।

খেতি-পথাৰতো বিভিন্ন ধানৰ ভিতৰত বৰা ধানে এক বিশেষ স্থান দখল কৰি আহিছে। বৰা চাউলৰ অবিহনে অসমীয়াৰ বাপতিসাহোন বিহু আধৰুৱা হ’ব। সেয়েহে খেতি-পথাৰৰ পৰা পাকঘৰলৈকে সকলোতে বৰা চাউলৰ স্থান বিশেষ। বৰা চাউ বিভিন্ন প্ৰকাৰৰ আছে। যেনে- তুলসী বৰা, ৰঙা বৰা, জাংগনী বৰা, ৰূপহী বৰা ঘিউ বৰা, বগা বৰা, আঘোণী বৰা, ক’লা বৰা ইত্যাদি। এই বৰা ধান বোৰ উজনি অসমৰ কৃষকসকলক অধিক ব্যৱহাৰ কৰা দেখা যায়।

Leave A Reply

Your email address will not be published.