Breaking

বিদ্যালয়ৰ পুঁজিৰ ধন আত্মসাৎ কৰি ৰঙা ঘৰৰ আলহী হ’ল চাপৰৰ এখন চৰকাৰী বিদ্যালয়ৰ প্ৰধান শিক্ষক…

0 19

এইবাৰ চাপৰত ৰঙা ঘৰৰ আলহী হ’ল এখন চৰকাৰী বিদ্যালয়ৰ প্ৰধান শিক্ষক । বিদ্যালয়ৰ পুঁজিৰ ধন আত্মসাৎ কৰি ৰঙা ঘৰৰ আলহী হ’ল চাপৰ-শালকোচা শিক্ষাখণ্ডৰ অন্তৰ্গত ২২৫৪ নং সন্তোষপুৰ এল.পি.স্কুলৰ প্ৰধান শিক্ষক তুলিৰাম দাস(৪০)

উল্লেখযোগ্য যে বিদ্যালয়ৰ মধ্যাহ্ন ভোজন,আন্ত:গাঁথনি আৰু গৃহ মেৰামতিৰ তথ্য অনুসৰি প্ৰায় ২.৫ লাখ টকা আত্মসাৎ কৰি পলাই আছিল প্ৰধান শিক্ষকগৰাকী ।

ইয়াৰ উপৰিও আৰু কেইবা লক্ষাধিক টকা আত্মসাত কৰাৰ অভিযোগ প্ৰধান শিক্ষক গৰাকীৰ বিৰুদ্ধে অৱশেষত বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি গৰাকীৰ

এজাহাৰৰ ভিত্তিত শালকোছা আৰক্ষীয়ে বিহপুৰীয়া আৰক্ষীৰ সহযোগত লক্ষ্মীপুৰৰ ৰূপতোলীৰ পৰা আটক কৰিবলৈ সক্ষম হয় প্ৰধান শিক্ষক গৰাকীক

Leave A Reply

Your email address will not be published.