Breaking

নৰ্থ ইষ্টৰ তথাকথিত ধনী ইউটিবাৰৰ পুনৰ প্ৰৱঞ্চনাৰ জাল ফাদিল ! থানাত এজাহাৰ দাখিল…

0 99

নৰ্থ ইষ্টৰ তথাকথিত ধনী ইউটিবাৰৰ পুনৰ প্ৰৱঞ্চনাৰ জাল ফাদিল,থানাত এজাহাৰ দাখিল।

আৰক্ষীৰ বিৰুদ্ধে দুৰ্ব্যৱহাৰৰ অভিযোগ

তৎকালীন ভাৱে আৰক্ষী বিষয়া বদলি কৰাৰ বাবে মুখ্যমন্ত্ৰীক আহ্বান

এসময়ৰ তথাকথিত উত্তৰ পুৰ্ৱাঞ্চলৰ ধনী ইউটিবাৰ নামে খ্যাত তথা পকচো আইনৰ অধীনত জেল ফেৰৎ ইউটিউবাৰ মুস্তাফিজুৰ ৰহমানৰ অপৰাধৰ তালিকা খন সৰ্বজনবিদিত। নাৰী কেলেংকাৰীৰ পৰা আৰম্ভ কৰি শিশুক যৌন নিৰ্যাতন চলোৱা, গুলীয়াই হত্যা কৰাৰ ভাবুকি প্ৰদান কৰাৰ লগতে গাঁওবাসীৰ বাসগৃহত সোমাই মাৰপিট কৰাৰে পৰা বহু অপৰাধ জনীত কামত জড়িত থকাৰ বহুকেইটা গোচৰত অভিযুক্ত ইউটিউবাৰ মুস্তাফিজুৰ ৰহমান। ইতিমধ্যে মুস্তাফিজুৰৰ বিৰুদ্ধে গোৱালপাৰা আদালতত বিচাৰধীন প্ৰক্ৰিয়াত চলি আছে বহুকেইটা গোচৰ।

এইবাৰ আন এক অপৰাধ জনীত কামত লিপ্ত হৈ পৰিছে এইগৰাকী তথাকথিত ইউটিউবাৰ। জানিব পৰা মতে গোৱালপাৰাৰ জ্যোতিৰময় জে গুৰুং নামৰ এটা ইউটিউব চেনেলত গোৱালপাৰাৰ কেতবোৰ খিলঞ্জীয়া যুৱকে বিভিন্ন ধৰণৰ সংগীত- নৃত্যৰ ভিডিঅ’ আপলোড কৰি ইউটিউব চেনেলটোৰ যোগেদি স্বাৱলম্বীৰ এক পথ বাচি লৈছিল । কিন্ত বিশেষ কাৰণত জ্যেতিৰ্ময় জে গুৰুং চেনেলটো ইউটিউবৰ পৰা বিলীন হৈ গৈছিল আৰু এই চেনেলটো পুনৰুদ্ধাৰ কৰিবৰ বাবে যুৱক কেইজনে লম্পট ইউটিউবাৰ মুস্তাফিজুৰৰ সহায় বিচাৰিছিল।

চেনেল পুনৰুদ্ধাৰৰ নামত যুৱক কেইজনৰ পৰা প্ৰৱঞ্চক ইউটিউবাৰ মুস্তাফিজুৰে ছয়চল্লিশ হাজাৰ টকাও লৈছিল। উল্লেখ্য যে পৰৱৰ্তী সময়ত প্ৰৱঞ্চক মুস্তাফিজুৰে জ্যোতিৰ্ময় জে নামৰ চেনেলটো পুনৰুদ্ধাৰ কৰে যদিও চেনেলটোৰ পূৰ্বৰ নাম সলনি কৰি ৰুবিনা মিউজিক কোম্পানী নাম দি চেনেলটো ঘুৰাই দিবলৈ অমান্তি হয় আৰু পুৰ্বৰ স্বত্বাধিকাৰী জ্যোতিৰ্ময় সূত্ৰধৰক ধন দাবী দিয়াৰো অভিযোগ উত্থাপিত হৈছে। যাৰ পৰিপ্ৰেক্ষিতত মুস্তাফিজুৰৰ বিৰুদ্ধে জ্যেতিৰ্ময়ৰ সুত্ৰধৰৰ আৰু চেনেলটোত জড়িত থকা বিভিন্ন জাতি জনগোষ্ঠীৰ যুৱক সমুহৰ লগতে সদৌ অসম সুত্ৰধৰ ছাত্ৰ সন্থাৰ সভাপতি লক্ষ্মীকান্ত সূত্ৰধৰে গোৱালপাৰা সদৰ থানাত উপস্থিত হৈ এখন এজাহাৰ দাখিল কৰে।

লগতে পঢ়কঃWe Want Justice ধ্বনিয়ে মুখৰিত মাৰ্ঘেৰিটাৰ আকাশ-বতাহ…

Leave A Reply

Your email address will not be published.