Breaking

Attack journalist ধুবুৰীত সাংবাদিক ছেলিম সেখ আৰু সাহিল সেখক আক্ৰমণ 

0 24

ধুবুৰীত সাংবাদিক ছেলিম সেখ আৰু সাহিল সেখক আক্ৰমণ।

ছেণ্ডিকেট বাহিনীৰ বিৰুদ্ধে এজাহাৰ দাখিল ভুক্তভোগী সাংবাদিকৰ।

Dhuburi journalist

ছেণ্ডিকেট বাহিনীৰ বিৰুদ্ধে বাতৰি কৰাৰ বাবে বিকিৰ নেতৃত্বত এটি দলে সাংবাদিক ছেলিম সেখ তথা ছাহিল সেখক দলবদ্ধভাৱে আক্ৰমণ কৰে।

আক্ৰমণত গুৰতৰভাৱে আহত হয় সাংবাদিক ছেলিম সেখ ।

কিছুদিন পুৰ্বে বিকিৰ এখন নিষিদ্ধ বয়লাৰ ভৰ্তি বাহন ধুবুৰী আৰক্ষীয়ে জব্দ কৰিছিল ৷ সেই বাতৰি সাংবাদিকজনে কৰাৰ বাবে দলবদ্ধ আক্ৰমণৰ সন্মুখিন হ’ল সাংবাদিকজনে ৷

ধুবুৰী সদৰ আৰক্ষী থানাত বিকি আৰু আন কেইবাজনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে ৷

ইপিনে দেশী জনগোষ্ঠীয় যুৱ মঞ্চৰ লগতে ঘটনা সন্দৰ্ভত সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ ধুবুৰী জিলা সমিতিৰ সভাপতি আফজালুৰ ৰহমানৰ প্ৰতিক্ৰিয়া।

আনপিনে এই ঘটনাক কেন্দ্ৰ কৰি সদৌ অসম সাংবাদিক মঞ্চ,কেন্দ্ৰীয় সমিতি আৰু ধুবুৰী Journalist Association’য়ে ধুবুৰী আৰক্ষী অধিক্ষকক সাক্ষাৎ কৰি অভিযোগ দাখিল কৰে ৷

লগতে পঢ়কঃ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে সাংবিধানিক পদমৰ্যাদা অৱমাননা কৰাৰ অভিযোগ!https://www.dainandinbartagroup.in/wp-admin/post.php?post=124689&action=edit

Leave A Reply

Your email address will not be published.