Breaking

মুষলধাৰ বৰষুণ ! কৃত্ৰিম বানপানীৰ কবলত পুনৰ গুৱাহাটী মহানগৰ…

0 19

কৃত্ৰিম বানপানী আৰু যান-জঁট গুৱাহাটী চহৰৰ চিৰন্তন সমস্যা। এই সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ চহৰৰ ৰাইজে কিমান দিন অপেক্ষা কৰিব লাগিব সেয়া কোৱা টান। দেওবাৰে পুৱাৰ পৰা বৰষুণৰ ফলত বিভিন্ন অঞ্চল পানীত ডুব যায়। কেইবাটাও অঞ্চলত আনকি ঘৰৰ ভিতৰলৈও পানী সোমাই পৰে।

এই কৃত্ৰিম বানপানীৰ বাবে আজি যান-জঁটৰ বাবে মানুহৰ জীৱন স্তব্ধ হৈ পৰিছে। অঞ্চলৰ এক আঁঠু পানীয়ে যাতায়াত ব্যঘাত ঘটায়। এয়া কোনো নতুন নহয়। বাৰিষাৰ সময়ত কৃত্ৰিম বানপানীৰ প্ৰভাৱত ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হয়।

লগতে চহৰৰ বিভিন্ন নলা জাবৰেৰে ভৰি পৰাৰ ফলত পানীৰ নিষ্কাশনত ভয়াৱহ ব্যাঘাত জন্মে। ফলত বৰষুণৰ ফলত এই পানী জমা হৈ কৃত্ৰিম বানপানীৰ সৃষ্টি কৰে। 

Leave A Reply

Your email address will not be published.