Breaking

শংকৰদেৱ কলাক্ষেত্ৰৰ আৰ্হিৰে নগাঁৱত নিৰ্মাণ হ’ব মাধৱ কন্দলী কলাক্ষেত্ৰ

0 2,077

গুৱাহাটীৰ শংকৰদেৱ কলাক্ষেত্ৰৰ আৰ্হিত নগাঁৱত  নিৰ্মাণ হব মাধৱ কন্দলী কলাক্ষেত্ৰ । আনহাতে নগাঁও চহৰৰ মৰিকলং বিলক  মুম্বাইৰ মেৰিণা বীচ্চৰ আৰ্হিত পৰ্যটন ক্ষেত্ৰ হিচাপে গঢ়ি তোলাৰ বাবেও এখন অভিলাষী আঁচনি গ্রহণ কৰাৰ লগতে কলঙৰ পাৰত এখন সুদীৰ্ঘ উৰণীয়া পদসেতু নিৰ্মান কৰা হব।” এই ঘোষণা নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাৰ। আজি নগাঁও চহৰৰ সংখ্যালঘু অধ্যুষিত ৱাৰ্ড হিচাপে পৰিচিত ১৪ নং ৱাৰ্ডত বিজেপিৰ এক বিশাল যোগদান সভাত অংশগ্ৰহণ কৰি বিধায়ক ৰূপক শৰ্মাই বিজেপিৰ মিত্ৰজোঁটৰ চৰকাৰৰ দিনত ৰূপায়ণ হোৱা বিভিন্ন উন্নয়ন মূলক কাম কাজৰ খতিয়ান দাঙি ধৰি নগাঁৱত নিৰ্মাণ হবলগা অভিলাষী আঁচনিৰ বিষয়ে ৰাইজক অৱগত কৰে । আনহাতে তদানীন্তন কংগ্রেছ চৰকাৰৰ কাৰ্যকালৰ এজন ক্ষমতাশালী মন্ত্ৰীৰ নাম উল্লেখ নকৰাকৈ বিধায়ক শৰ্মাই কয় : “আগৰ বিয়াগোম মন্ত্ৰীজনে খোৱাকামূৰা কৰি থাকোতেই নগাঁও সদৰ সমষ্টিৰ উন্নয়ণৰ বাবে চিন্তা কৰিবলৈ আহৰি ন’হল। আমি নগাঁৱক আধুনিক ৰূপত গঢ়ি তোলাৰ বাবে দিনে-নিশাই প্ৰচেষ্টা অব্যাহত ৰাখিছো।”  বিধায়ক গৰাকীয়ে আৰু কয় যে ইতিমধ্যে নগাঁও চহৰে নতুন ৰূপ পাইছে। কিন্তু আমি নগাঁৱক আৰু আধুনিক ৰূপত গঢ়ি তুলিব বিচাৰিছো। সেয়ে শংকৰদেৱ কলাক্ষেত্ৰৰ আৰ্হিত নগাঁৱত আমি মাধৱ কন্দলী কলা ক্ষেত্ৰ নিৰ্মানৰ কথা চিন্তা কৰিছো। নগাঁৱৰ মৰিকলং বিলক মুম্বাইৰ মেৰিণা বীচ্চৰ আৰ্হিত পৰ্য্যটন ক্ষেত্ৰ হিচাপে গঢ়ি তোলাৰ বাবে অভিলাষী আঁচনি লোৱা হৈছে। লগতে কলঙৰ পাৰত সুদীৰ্ঘ উৰণীয়া সেতু নিৰ্মানৰো আধাৰশিলা স্থাপনৰ বাবে মুখ্যমন্ত্ৰী ডাঙৰীয়া শীঘ্ৰেই নগাঁৱলৈ আহিব। ইপিনে পূৰ্বৰ চৰকাৰৰ দিনত কলঙত বহু টকা হেৰাল বুলি কটাক্ষ কৰি বিধায়ক গৰাকীয়ে লগতে কয় যে আগতে কলঙৰ নামত টকা আহে কিন্তু আঁচনিৰ কাম নহয়। সেয়ে  কলঙত বহুত টকা পোত গ’ল বুলি মানুহে কবলৈ ল’লে। উল্লেখ্য যে, বিধানসভা নিৰ্বাচনৰ দিন চমু চপাৰ লগে লগে সদৰ সমষ্টিৰ বিভিন্ন প্ৰান্তত সম্পূৰ্ণ হৈ উঠা উন্নয়ণমূলক কাম-কাজৰ শুভাৰম্ভ কৰি বিধায়ক ৰূপক শৰ্মাই কংগ্ৰেছ দলক চোকা সমালোচনা কৰা পৰিলক্ষিত হৈছে । নগাঁও চহৰত নতুনকৈ নিৰ্মিত হোৱা চাৰিলেনযুক্ত ঘাইপথ, ষ্ট্ৰীট লাইট, হাইমাস্ক লাইট, ক্লক টাৱাৰ আদিৰ লগত পূৰ্বৰ চৰকাৰৰ দিনৰ নগাঁও চহৰৰ তুলনা কৰি বিধায়ক গৰাকীয়ে কংগ্ৰেছ দলক তীব্র কটাক্ষ কৰাও দেখা গৈছে। আনহাতে বিগত ৩০ বছৰে মুকলি নোহোৱা ভূঁঞাপট্টি দলঙৰ লগতে নগাঁও চহৰত একেটা বছৰতে ৪খনকৈ দলং নিৰ্মান কৰাৰ কথাও উল্লেখ কৰি বিধায়ক গৰাকীয়ে কয় :   আমাৰ লক্ষ্য উন্নয়ণৰ ৰাজনীতিহে। খোৱাকামোৰা  আৰু ধৰ্মীয় ৰাজনীতিৰে এইবাৰ সদৰ সমষ্টিৰ ৰাইজক কংগ্ৰেছে প্ৰবঞ্চনা কৰিব নোৱাৰে।” ইপিনে নগাঁও সদৰ সমষ্টিৰ অন্তৰ্গত  শেনছোৱা, বেবেজীয়া আৰু বৰভেটি পঞ্চায়তৰ ৬ টা অনুষ্ঠানলৈ বিধায়ক শৰ্মাই বিধায়ক পূঁজিৰ অনুদান আগবঢ়ায়। বিধায়ক পূঁজিৰ অনুদান লাভ কৰা অনুষ্ঠান কেইটা হৈছে- বিজয়লক্ষ্মী পুথিভঁৰাল, নগাঁও জিলা মায়ামৰা সাংস্কৃতিক সমাজ,বিদ্যা মন্দিৰ জাতীয় বিদ্যালয় ,মোৱামাৰী কুহ মছজিদৰ সমীপৰ সামূহিক ভৱন।বেবেজীয়া গাঁও পঞ্চায়তৰ টোকোলাই বেবেজীয়াৰ ২ নং জুৰীয়া নামঘৰ আৰু বৰভেটি গাঁও পঞ্চায়তৰ আৰ্দশগাঁও শিমলুগুৰি নামঘৰ।

Leave A Reply

Your email address will not be published.