Breaking

Online Trading Scam: অনলাইন ট্ৰেডিঙৰ নামত দেৰগাঁৱতো লুণ্ঠন কোটি কোটি টকা

83

দেৰগাঁৱৰ বৰ পুখুৰী পাৰাৰ ভাস্কৰ ভূষণ বৰুৱা নামৰ এজন যুৱকৰ বিৰুদ্ধে বহু লোকক প্ৰৱঞ্চনা কৰাৰ অভিযোগ উত্থাপিত হৈছে । অভিযুক্ত ভাস্কৰ ভূষণ বৰুৱাই একাংশ এজেণ্ট নিয়োগ কৰি জিলাখনত প্ৰৱঞ্চনাৰ এক ভয়ানক জাল মেলি বহু লোকক সৰ্বহাৰা হ’ব লগা পৰিস্থি্তিলৈ লৈ যোৱা বুলিও অভিযোগ উত্থাপিত হৈছে(Online Trading Scam)।

দেৰগাঁও, ৩ ছেপ্তেম্বৰ: ষ্টক মাৰ্কেটত বিনিয়োগ অথবা অনলাইন ট্ৰেডিঙেৰে সহজতে ধনী হোৱাৰ সপোন দেখা একাংশৰ মাজত এতিয়া হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে(Online Trading Scam) । অনলাইন ট্ৰেডিঙৰ জড়িয়তে অধিক লাভৰ লোভ দেখুৱাই প্ৰৱঞ্চনা কৰাৰ অভিযোগ অনলাইন ট্ৰেডিঙৰ একাংশ মাষ্টাৰ মাইণ্ডৰ বিৰুদ্ধে । যাক লৈ দেশৰ বিভিন্ন প্ৰান্তৰ লগতে অসমতো এতিয়া ট্ৰেণ্ডিঙত থকা বিষয়টো হৈছে ষ্টক মাৰ্কেটত বিনিয়োগ বা অনলাইন ট্ৰেডিং ।

শেহতীয়াকৈ একাংশ বিনিয়োগকাৰীয়ে সহজতে লাভৱান হোৱাৰ আশাৰে ষ্টক মাৰ্কেটত বিনিয়োগ কৰি নিজৰ গাঁঠিৰ ধন হেৰুৱাবলগীয় হৈছে । মাত্ৰ কেইদিনমান পূৰ্বে ডি বি ষ্টকৰ নামত কোটি কোটি টকা লুট কৰি আত্মগোপন কৰি দীপাংকৰ বৰ্মন নামৰ এজন লোকে আত্মগোপন কৰা পাছতে এই অনলাইন ট্ৰেডিঙৰ ব্যৱস্থাটোক লৈ সৰ্বত্ৰে চৰ্চা আৰম্ভ হোৱা পৰিলক্ষিত হৈছে ।

ডি বি ষ্টকৰ স্বত্বাধিকাৰী দীপাংকৰ বৰ্মনৰ প্ৰৱঞ্চনাৰ অভিযোগৰ পাছতে ৰাজ্যখনত এজনৰ পাছত আন এজন ট্ৰেডিঙৰ মাষ্টাৰ মাইণ্ডৰ প্ৰৱঞ্চনাৰ কাহিনী পোহৰলৈ অহা পৰিলক্ষিত হৈছে । দীপাংকৰ বৰ্মনৰ প্ৰৱঞ্চনাৰ ঘটনাৰ চাঞ্চল্য মাৰ নৌযাওঁতেই এতিয়া ব্যাপকভাৱে চৰ্চালৈ আহিছে ডিব্ৰুগড়ৰ বিশাল ফুকন আৰু স্বপ্ননীল দাসৰ নাম ।

অনলাইন ট্ৰেডিঙৰ জৰিয়তে লুণ্ঠন চলোৱা এই দুই চক্ৰৰ বিৰুদ্ধে অসম আৰক্ষীয়ে অভিযান চলাই সোমবাৰে বিয়লি ডিব্ৰুগড়ৰ ব্যৱসায়ী বিশাল ফুকনক আটক কৰাৰ সমান্তৰালভাৱে সোমবাৰৰ নিশাই মহানগৰীৰ পৰা প্ৰৱঞ্চনাৰ অভিযোগত আটক কৰে অভিযুক্ত স্বপ্ননীল দাসক ৷

ইফালে অনলাইন ট্ৰেডিঙৰ এই দুই মাষ্টাৰ মাইণ্ডৰ দ্বাৰা সাধাৰণ লোকক প্ৰৱঞ্চনাৰ অভিযোগৰ কাহিনী পোহৰলৈ অহাৰ সময়তে গোলাঘাট জিলাৰ পৰাও আহিছে আন এক প্ৰৱঞ্চনাৰ ঘটনা(online trading scam in Dergaon) । দেৰগাঁৱৰ বৰ পুখুৰী পাৰাৰ ভাস্কৰ ভূষণ বৰুৱা নামৰ এজন যুৱকৰ বিৰুদ্ধে বহু লোকক প্ৰৱঞ্চনা কৰাৰ অভিযোগ উত্থাপিত হৈছে । অভিযুক্ত ভাস্কৰ ভূষণ বৰুৱাই একাংশ এজেণ্ট নিয়োগ কৰি জিলাখনত প্ৰৱঞ্চনাৰ এক ভয়ানক জাল মেলি বহু লোকক সৰ্বহাৰা হ’ব লগা পৰিস্থি্তিলৈ লৈ যোৱা বুলিও অভিযোগ উত্থাপিত হৈছে(Case of Bhaskar Bhushan Barua)।

অনলাইন ট্ৰেডিঙৰ এইগৰাকী মাষ্টাৰ মাইণ্ড ভাস্কৰ ভূষণে জিলাখনৰ বিনিয়োগকাৰী লোকসকলৰ পৰা পৰা প্ৰায় ১০ কোটিৰো অধিক টকা হৰলুকি কৰা বুলি অভিযোগ উত্থাপিত হৈছে। ভাস্কৰ ভূষণে জিলাখনৰ বিভিন্ন অঞ্চলৰ যুৱকসকলৰ পৰা বিনিয়োগৰ নামত ধন সংগ্ৰহ কৰি প্ৰথম প্ৰয্যায়ত কিছু ধন লাভসহিতে পৰিশোধ কৰিছিল যদিও পৰবৰ্তী সময়ত সকলোৰে ধন আত্মসৎ কৰাৰ অভিযোগ উত্থাপিত হৈছে ।

প্ৰৱঞ্চনাৰ অভিযুক্ত ভাস্কৰ ভূষণৰ ভুৱা প্ৰলোভনত পৰি সহজতে ধনী হোৱাৰ সপোন দেখা বিনিয়োগকাৰীসকলে এতিয়া নিজৰ গাঁঠিৰ ধন হেৰুৱাবলগীয়া পৰিস্থিতিৰ সন্মুখীন হৈ কাষ চাপিছে আৰক্ষীৰ । ভাস্কৰ ভূষণৰ প্ৰৱঞ্ছনাৰ বলি হৈ সৰ্বহাৰা হোৱা যুৱকসকলে এতিয়া আৰক্ষী থানাত গোচৰ ৰুজো কৰি উচিত তদন্ত কৰি দোষীক শীঘ্ৰেই গ্ৰেপ্তাৰৰ দাবী তুলিছে। তাৰোপৰি জিলাখনৰ একাংশ সচেতন লোকেও অনলাইন ট্ৰেডিঙৰ জৰিয়তে লুণ্ঠন চলোৱাৰ এই সমগ্ৰ বিষয়টোক লৈ প্ৰশাসন তথা আৰক্ষীক অধিক তৎপৰতাৰে তদন্ত কৰি দোষীক কৰায়ত্ব কৰিবৰ বাবে জনাইছে দাবী ।

লগতে পঢ়ক: Online Trading Scam: বিনিয়োগকাৰীৰ পৰা কোটি কোটি টকা সৰকাই বতাহত মিলি গ’ল স্বল্পখ্যাত অভিনেত্ৰী চুমী বৰা

Comments are closed.