Breaking

srimanta sankardev death anniversary: আজি জগতগুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৪৫৬ সংখ্যক তিৰোভাৱ তিথি…

68

গুৱাহাটী, ৪ ছেপ্তেম্বৰঃ আজি জগতগুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৪৫৬ সংখ্যক তিৰোভাৱ তিথি। গুৰু বন্দনাৰে মুখৰিত ৰাজ্যৰ সত্ৰ-নামঘৰ। ৰাজ্যৰ প্ৰতিটো প্ৰান্তৰ সত্ৰ-নামঘৰত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৪৫৬ সংখ্যক তিৰোভাৱ তিথি পালন ৰাইজৰ।(srimanta sankardev death anniversary)

উচ্চ-নীচ আৰু ভেদাভেদৰ পাহাৰ ভাঙি সম্প্ৰীতিৰ সাঁকো গঢ়া জগতগুৰু শ্ৰীমন্ত শংকৰদেৱে অ, আ, ক, খ শিকিয়েই শ্ৰীমন্ত শংকৰদেৱে ‘কৰতল কমল’ ৰচনা কৰি সকলোকে আচৰিত কৰি তুলিছিল। অধ্যাপক কন্দলিয়ে শংকৰক প্ৰদান কৰিছিল ‘দেৱ’ উপাধি।(Mahapurush Srimanta Sankardev)

১৪৪৯ খ্ৰীষ্টাব্দত বৰদোৱাৰ আলিপুখুৰীত পিতৃ কুসুম্বৰ ভূঞা আৰু মাতৃ সত্যাসন্ধা দেৱীৰ ঔৰষত জন্মগ্ৰহণ কৰিছিল শ্ৰীমন্ত শংকৰদেৱে। বুঢ়ীমাক খেৰসুতীয়ে লালন-পালন কৰা শংকদেৱৰ সৰুতে পঢ়া-শুনাৰ প্ৰতি বিশেষ ধাউতি নাছিল। বুঢ়ীমাক খেৰসুতীয়ে ১২ বছৰ বয়সত মহেন্দ্ৰ কন্দলি টোলত নাম লগাই দিছিল শ্ৰীমন্ত শংকৰদেৱক।

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৪৫৬ সংখ্যক তিৰোভাৱ তিথি

ধৰ্ম প্ৰচাৰক, সমাজ সংগঠক, নাট্যকাৰ, অভিনেতা, চিত্ৰশিল্পী, নৃত্যশিল্পী, গীতিকাৰ, সুৰকাৰ তথা সৰ্ব গুণৰ অধিকাৰী আছিল আছিল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ।

আজি জাতিৰ জনক জগতগুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ (Srimanta Sankardev)লৈ সশ্ৰদ্ধ প্ৰণিপাত জনাই ৰাজ্যৰ নামঘৰে নামঘৰে তেওঁৰ ৪৫৬ সংখ্যক তিৰোভাৱ তিথি পালন কৰিছে।

published by: munmi gogoi

Comments are closed.